ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে সংঘাতৰ পাছত শনিবাৰে বিলিয়নাৰ ইলন মাস্কে কয় যে আমেৰিকানসকলক স্বাধীনতা ঘূৰাই দিবলৈ তেওঁ এটা নতুন ৰাজনৈতিক দল গঠন কৰিছে। সামাজিক মাধ্যম এক্সত তেওঁৰ পৰিকল্পনাৰ কথা জনাই তেওঁ কয় যে দেশৰ দ্বি-দলীয় ব্যৱস্থাক প্রত্যাহ্বান জনাবলৈ তেওঁ 'আমেৰিকা পার্টি গঠন কৰে। মাস্কে 'এক্স'ত কয়, 'আজি, আপোনালোকক স্বাধীনতা উভতাই দিবলৈ আমেৰিকা পার্টি গঠন কৰা হ'ল।'
টেছলা আৰু স্পে'চএক্সৰ মুখ্য কাৰ্যবাহী বিষয়াজনে আৰু কয়, 'যেতিয়া অপব্যয় আৰু উৎকোচৰ বাবে আমাৰ দেশ দেউলীয়া হয়, তেতিয়া আমি একদলীয় ব্যৱস্থাত থাকোঁ, গণতন্ত্রত নহয়।' অৱশ্যে, মাস্কে দলটোৰ পঞ্জীয়ন ক'ত কৰা হ'ব সেই কথা জনোৱা নাই। বৈধভাবে দল গঠন কৰিবলৈ হ'লে ফেডাৰেল ইলেকশ্যন কমিছনৰ (এফ ই চি) ওচৰত পঞ্জীয়ন কৰিব লাগিব। চি এন এনৰ বাতৰি মতে, এফ ই চিৰ শেহতীয়া নথিত এনে পঞ্জীয়নৰ তথ্য নাই। উল্লেখযোগ্য যে ট্রাম্পৰ সৈতে ৰাজহুৱাভাৱে হোৱা দ্বন্দ্বৰ সময়ত মাস্কে নতুন দল গঠন কৰিব বুলি কৈছিল। শেহতীয়াকৈ মাস্কে ডিপার্টমেন্ট অব্ গৱর্নমেন্ট এফিচিয়েন্সি (ডি অ'জিই)ৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিছিল আৰু পূৰ্বৰ মিত্ৰ ড'নাল্ড ট্রাম্পৰ সৈতে বিতৰ্কত লিপ্ত হৈছিল। উল্লেখযোগ্য যে ২০২৪ চনৰ ড'নাল্ড ট্রাম্পৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ পুঁজিলৈ সৰ্বাধিক দান দিয়া ব্যক্তি আছিল মাস্ক আৰু তেওঁ কিছুদিন আগলৈকে মাস্কৰ ঘনিষ্ঠ উপদেষ্টা আছিল। কিন্তু ট্রাম্পে প্রস্তাৱ কৰা (শেহতীয়াকৈ সংসদত গৃহীত হোৱা) 'বিগ বিউটিফুল' কৰ আৰু ব্যয় বিধেয়কৰ মাস্কে বিৰোধিতা কৰিছিল, কাৰণ এই বিধেয়কৰ বাবে আমেৰিকাৰ বাজেটত ট্রিলিয়ন ট্রিলিয়ন ডলাৰ ঘাটি হ'ব।
যোৱা সপ্তাহত সংসদত গৃহীত এই বিধেয়কত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাই আইনত পৰিণত কৰে। বিশ্বৰ আটাইতকৈ চহকী লোক ইলন মাস্কে আগতে ইংগিত দিছিল যে তেওঁ এনে এটা দল বিচাৰে যি বিত্তীয়ভাৱে ৰক্ষণশীল আৰু ব্যয়ৰ ক্ষেত্ৰত নিয়ন্ত্রিত। আমেৰিকাত দ্বি-দলীয় ব্যৱস্থাক বহু পঞ্জীয়নভুক্ত ডেমক্রেট আৰু ৰিপাব্লিকান সদস্যই বিৰোধিতা কৰি আহিছে, কিন্তু যোৱা শতিকাত এটা তৃতীয় দল গঠনৰ প্ৰচেষ্টাই বিশেষ ফল দিয়া নাছিল।