বিশ্বৰ প্ৰথমজন ট্রিলিয়নেয়াৰ হোৱাৰ পথত ইলন মাস্ক

dainik janambhumi September 07, 2025

ডিজিটেল ডেস্কঃ বিশ্বৰ প্রথমজন ট্রিলিয়নেয়াৰ হোৱাৰ পথত অগ্ৰসৰ হৈছে টেছলাৰ মুখ্য কার্যবাহী বিষয়া ইলন মাস্ক। টেছলাৰ কাৰ্যবাহী পৰিষদে মাস্কক এটা নতুন দৰমহাৰ পেকেজ আগবঢ়োৱাৰ প্রস্তাৱ দিছে। 

এই নতুন দৰমহাৰ পেকেজত প্ৰস্তাৱ দিয়া হৈছে যে যদি কোম্পানীটোৱে ইয়াৰ সকলো লক্ষ্যত উপনীত হয় তেনেহ'লে টেছলাৰ ষ্টকৰ ১২ শতাংশ মাস্কে লাভ কৰিব, অৰ্থাৎ মাস্কে ইয়াৰ বাবত ১ ট্রিলিয়ন মার্কিন ডলাৰ লাভ কৰিব। এই পৰিকল্পনাত এলানি নতুন কৃতিত্ব অৰ্জনৰ বাবে লক্ষ্য নির্ধাৰণ কৰা হৈছে, য'ত মাস্কে কোম্পানীটোৰ মার্কেট শ্বেয়াৰ মূল্য কমেও ৮.৫ ট্রিলিয়ন ডলাৰলৈ সম্প্ৰাসৰণ কৰাৰ বাবে অগ্ৰসৰ হ'ব লাগিব। 

চি এন এনৰ বাতৰি অনুসৰি, যদি এই প্রস্তাবে অনুমোদন লাভকৰে, তেনেহ'লে এই পেকেজৰ জৰিয়তে মাস্কে টেছলাৰ শ্বেয়াৰৰ অতিৰিক্ত ৪২৩.৭ মিলিয়ন ডলাৰ লাভ কৰিব। যদি টেছলাৰ মাৰ্কেট ভ্যেলু ৮.৫ ট্রিলিয়ন ডলাৰ হয়, তেনেহ'লে মাস্কক ১ ট্রিলিয়ন নতুন দৰমহাৰ পেকেজ আগবঢ়োৱা হ'ব।

Share This