বিশ্বৰ ধনাঢ্য ব্যক্তিৰ শীৰ্ষত ইলন মাস্ক

dainik janambhumi March 09, 2026

ডিজিটেল ডেস্ক : বিশ্বত ধনাঢ্যৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। বিলিয়নেয়াৰৰ সংখ্যাই প্ৰথমবাৰৰ বাবে চাৰি হাজাৰৰ সীমা অতিক্ৰম কৰিলে। 'হুৰুন গ্ল'বেল ৰীচ্চ লিষ্ট-২০২৬'ৰ তথ্য অনুসৰি বিশ্বত বিলিয়নেয়াৰৰ সংখ্যা ৪,০২০ জনলৈ বৃদ্ধি পাইছে। এবছৰত ৫৭৮জন ধনাঢ্যই বিলিয়নেয়াৰ তালিকাত স্থান পালে। ৭৯২ বিলিয়ন মার্কিন ডলাৰেৰে বিলিয়নেয়াৰৰ তালিকাত শীৰ্ষত আছে 'স্পেচ এক্স'ৰ মুৰব্বী ইলন মাস্ক।

তালিকাত ৩০০ বিলিয়ন মার্কিন ডলাৰেৰে এমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজছ ২ দ্বিতীয় স্থানত আৰু ২৭১ বিলিয়ন ডলাৰেৰে তৃতীয় স্থানত আছে গুগলৰ সহঃ প্ৰতিষ্ঠাপক লাৰি পেজ। ইফালে, ভাৰতীয় বিলিয়নেয়াৰৰ সংখ্যাও বৃদ্ধি পাইছে। 'হুৰুন গ্ল'বেল ৰীচ্চ লিষ্ট'ৰ তথ্য মতে ভাৰতীয বিলিয়নেয়াৰৰ তালিকাত ৫৭টা নতুন নাম অন্তর্ভুক্ত হৈছে আৰু বৰ্তমান দেশত বিলিয়নেয়াৰৰ সংখ্যা হৈছে ৩০৮জন।

ভাৰতীয় বিলিয়নেয়াৰৰ সম্পত্তিৰ পৰিমাণ বছৰি ১০ শতাংশকৈ বৃদ্ধি পাইছে আৰু বৰ্তমান সৰ্বমুঠ ১১২.৬ বিলিয়ন হৈছেগৈ। ভাৰতীয় বিলিয়নেয়াৰসকলৰ ৭ শতাংশ হৈছে মহিলা। তালিকাত ৯.৮ ত্রিলিয়ন মার্কিন ডলাৰেৰে ভাৰতৰ লগতে এছিয়াৰ শীৰ্ষ স্থানত আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানি। ৭.৫ ত্রিলিয়ন ডলাৰেৰে গৌতম আদানি ভাৰতৰ দ্বিতীয় আৰু ৩.২ বিলিয়ন ডলাৰেৰে ৰোশনী নাডৰ তৃতীয় স্থানত আছে।

Share This