ইলন মাস্কে ড্রাগছ ব্যৱহাৰ কৰিছিল!

dainik janambhumi June 11, 2025

ডিজিটেল ডেস্ক : কিছুদিন আগলৈকে ঘনিষ্ঠ বন্ধু হিচাপে থকা ইলন মাস্কৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ত নিৰৱতা ভংগ কৰিছে ৰাষ্ট্ৰপতি ট্রাম্পে। ইলন মাস্কে ডিপার্টমেন্ট অব গভর্নমেন্ট এফিচিয়েন্সিৰ (ডি অ' জি ই) মুৰব্বী হিচাপে চৰকাৰৰ খৰচ কম কৰাৰ ক্ষেত্ৰত ড্রাগ্‌ছ ব্যৱহাৰ কৰি প্রশাসনৰ পদক্ষেপসমূহ লৈছিল বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছিল।

এই অভিযোগৰ সন্দৰ্ভত সাংবাদিকে সোমবাৰে সোধা প্রশ্নৰ উত্তৰত ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে এই ক্ষেত্রত তেওঁ নিশ্চিত নহয়। তেওঁ এই বিষয়ত একো নাজানে। ট্রাম্পে আশা কৰে যে হোৱাইট হাউছলৈ মাস্কে ড্রাগছ অনা নাই। উল্লেখযোগ্য যে মে' মাহৰ শেষৰফালে নিউয়র্ক টাইমছে এজন লোকৰ উদ্ধৃতি দি প্রকাশ কৰিছিল যে 'কেটামাইন' নামৰ এটা উত্তেজক নিষিদ্ধ ড্রাগছ ব্যৱহাৰ কৰি মাস্কে হোৱাইট হাউছৰ পৰা চৰকাৰী কৰ্মচাৰীক নির্দেশ দিছিল।

তদুপৰি, ২০২৪ চনত ট্রাম্পৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ সময়তো মাস্কে কেটামাইন ব্যৱহাৰ কৰিছে। ইয়াৰ পাছতে দেশখনত মাস্কক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।

Share This