পহলগাম কাণ্ডৰ সৈতে জড়িত থকা  সন্ত্ৰাসবাদীক  হত্যা 

Kakali Deka May 15, 2025

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ নাদেৰ ট্ৰাল অঞ্চলত বৃহস্পতিবাৰে পুৱা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। এজন নিৰাপত্তা বাহিনীৰ বিষয়াৰ মতে, দক্ষিণ কাশ্মীৰৰ আৱন্তিপোৰা অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ  তথ্যৰ পিছত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল।


নিৰাপত্তা বাহিনীয়ে অভিযান চলাই তিনিটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক হত্যা কৰে আৰু হত্যা কৰা সন্ত্ৰাসবাদীকেইটাৰ ভিতৰত আছিফ শ্বেখ নামৰ সন্ত্ৰাসবাদীটো পহলগাম-কাণ্ডৰ সৈতে জড়িত আছিল বুলি নিৰাপত্তা বাহিনীয়ে উল্লেখ কৰিছে।


ইয়াকে লৈ বিগত ৪৮ ঘণ্টাত কাশ্মীৰ উপত্যকাত ৬টা সন্ত্ৰাসবাদীক হত্যা কৰা হʼল ।

Share This