ডিজিটেল ডেস্ক : যশপ্রীত বুমৰাহে (৫-৭৪) ক্রমশঃ দ্বিতীয়বাৰলৈ ৫টা উইকেট দখল কৰিলেও ভাৰতৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত ইংলেণ্ডে শুকুৰবাৰে দ্বিতীয় দিনা প্রত্যাহবানমূলক স্ক'ৰ থিয় কৰিবলৈ সক্ষম হয়। আগদিনা ৯৯ ৰানত অবিজিত থকা জ' ৰোটৰ ১০৪ ৰানৰ লগতে জেমী স্মিথ (৫১) আৰু ব্রাইডন কাৰ্ছৰ (৫৬) অর্ধ-শতৰানৰ সহায়ত ইংলেণ্ডে ৩৮৭ ৰানত প্রথম ইনিংছ সামৰে। দ্বিতীয় টেষ্টৰ পৰা আঁতৰি থকা বুমৰাহে পুৱাৰ ভাগৰ খেলত ৭টা বলৰ অন্তৰালত ৰোট, বেন স্ষ্টোকছ (৪৪) আৰু ক্ৰিছ ৱাকছৰ (০) উইকেট দখল কৰাত ইংলেণ্ডৰ ৪ উইকেটত ২৫১ ৰানৰ পৰা স্ক'ৰ হয়গৈ ৭ উইকেটত ২৭১ ৰান। পিছে ৭ নম্বৰত বেট ধৰা ইংলেণ্ডৰ উইকেটকীপাৰ-বেটাৰ স্মিথে অষ্টম উইকেটত কাৰ্ছৰে মিলি মূল্যৱান ৮৪ ৰানৰ যুটি বান্ধে।
কাৰ্ছ আৰু স্মিথৰ যুটিৰ সহায়ত ইংলেণ্ডে লাঞ্চ বিৰতিত শক্তিশালী স্থিতিত উপনীত হয়। আগদিনা হেৰী ব্ৰুকৰ (১১) উইকেট দখল কৰা বুমৰাহে জুফ্ৰা আৰ্চাৰক (৪) আউট কৰি দ্বিতীয়বাৰলৈ ৫টা উইকেটৰ পতন ঘটায়। বুমৰাহৰ উপৰি মহম্মদ ছিৰাজ আৰু নীতিশ ৰেড্ডীয়ে দুটাকৈ উইকেট পায়।
পৰৱৰ্তী সময়ত ভাৰতে প্রথম ইনিংছ আৰম্ভ কৰি দ্বিতীয় দিনৰ অন্তত তিনিটা উইকেট হেৰুৱাই ১৪৫ ৰান কৰিছে। দিনান্তত লোকেশ ৰাহুলে ৫৩ আৰু উইকেটকীপাৰ-বেটাৰ ঋষভ পন্টে ১৯ ৰান কৰি বেট ধৰি আছে। যশস্বী জয়ছোৱালে ১৩, কৰুণ নায়াৰে ৪০ আৰু অধিনায়ক শুভমন গীলে ১৬ ৰান কৰি আউট হয়।