অ'ভেলত ইংলেণ্ডৰ সন্মুখত ৩৭৪ ৰানৰ লক্ষ্য

dainik janambhumi August 03, 2025

ডিজিটেল ডেস্ক : যশস্বী জয়ছোৱালৰ ১১৮ বানৰ লগতে আকাশদীপ (৬৬), ৰবীন্দ্র জাদেজা (৫৩) আৰু ৱাশ্বিংটন সুন্দৰৰ (৫৩) অর্ধ-শতৰানৰ সহায়ত ইংলেণ্ডক পঞ্চম তথা অন্তিম টেষ্টত জয়ৰ বাবে ভাৰতে শনিবাৰে তৃতীয় দিনা ৩৭৪ ৰানৰ লক্ষ্য বান্ধি দিছে। দ্বিতীয় দিনৰ স্ক'ৰ ২ উইকেটত ৭৫ ৰানৰ পৰা খেলিবলৈ লোৱা ভাৰতে তৃতীয় দিনা ৩৯৬ ৰানত দ্বিতীয় ইনিংছ সামৰে। তাৰ আগেয়ে দলৰ প্ৰয়োজনৰ সময়ত আকৌ এবাৰ বেট-হাতে অৱদান যোগালে যশস্বী জয়ছোৱালে। ইংলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্টৰ প্ৰথম ইনিংছৰ পাছত পঞ্চম তথা অন্তিম টেষ্টৰ দ্বিতীয় ইনিংছত ১১৮ ৰান কৰিলে জয়ছোৱালে । 

চলিত শৃংখলাত দ্বিতীয়টো শতৰান কোবাই শনিবাৰে জয়ছোৱালে সুনীল গাভাস্কাৰ আৰু ৰোহিত শর্মাৰ অভিলেখ স্পর্শ কৰে। টেষ্টত অ'পেনাৰ হিচাপে ইংলেণ্ডৰ বিৰুদ্ধে চতুর্থ শতকীয় ইনিংছ খেলিলে জয়ছোৱালে। গাভাস্কাৰ আৰু ৰোহিতেও টেষ্ট অ'পেনাৰ হিচাপে ইংলেণ্ডৰ বিৰুদ্ধে ৪টা শতৰান কৰিছিল। গাভাস্কাৰে ৩৭ খন টেষ্টত আৰু ৰোহিতে ১৩ খন টেষ্টত শতৰানৰ ইনিংছ খেলিছিল। ১০ খন টেষ্টত জয়ছোৱালে ইংলেণ্ডৰ বিৰুদ্ধে ৪টা শতৰান কৰিলে। সামগ্রিকভাৱে ৬টা শতৰান কৰা জয়ছোৱালৰ লগতে আকাশদীপৰ (৬৬) প্রথম অর্ধ-শতৰানৰ জৰিয়তে ভাৰতে চলিত অ'ভেল টেষ্টখনক আকর্ষণীয় পর্যায়লৈ তুলি নিছে। ভাৰতে দ্বিতীয় দিনৰ স্ক'ৰ ২ উইকেটত ৭৫ ৰানৰ পৰা শনিবাৰে খেল আৰম্ভ কৰিছিল। ৫১ ৰানত অবিজিত থকা জয়ছোৱাল আৰু নৈশ প্রহৰী আকাশদীপে ৪ ৰানৰ পৰা শনিবাৰে তৃতীয় দিনৰ খেল আৰম্ভ কৰিছিল। দ্বিতীয় দিনা নৈশ-প্রহৰীৰূপে অৱতীর্ণ হোৱা আকাশদীপে আউট হোৱাৰ পূৰ্বে জয়ছোৱালৰ সৈতে ১০৭ ৰানৰ গুৰুত্বপূর্ণ যুটি বান্ধে। আকাশদীপে ৯৪ টা বল খেলি ১২ টা চাৰিৰে ৬৬ ৰানৰ অৱদান যোগায়। টেষ্টত নিজৰ প্রথম অর্ধ-শতৰান পূৰ কৰা আকাশদীপ দলীয় স্ক'ৰ ১৭৭ ৰানত আউট হয়। 

আনহাতে, জয়ছোৱালে ভাৰতৰ দ্বিতীয় ইনিংছত ষষ্ঠ গৰাকী বেটাৰ হিচাপে পেভিলিয়নলৈ উভতি যোৱাৰ আগেয়ে ১৬৪টা বলত ১৪টা চাৰি আৰু দুটা ছয়েৰে ১১৮ বানৰ অৱদান যোগায়। অৱশ্যে লোকেশ ৰাহুল (৭), চাইসুদর্শন (১১), অধিনায়ক শুভমন গীল (১১) আৰু কৰুণ নায়াৰ (১৭) ব্যর্থ হয়। জয়ছোৱালৰ বিদায়ৰ পাছত ধ্রুৱ জোৱেলে ৩৪ ৰান কৰি আউট হয়। শেহতীয়া বাতৰি মতে, ৰবীন্দ্র জাদেজাই ৪৬ আৰু ৱাশ্বিংটন সুন্দৰে ১১ ৰানত বেট ধৰি আছে। আকর্ষণীয় পর্যায়ত উপনীত হোৱা টেষ্টখনত ভাৰতে তেনেদৰেই দ্বিতীয় ইনিংছত ৭ উইকেটত ৩৪৪ ৰান কৰি সামগ্রিকভাৱে ৩২১ ৰানৰ অগ্রগতি লাভ কৰি আছে।

Share This