ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টেষ্ট শৃংখলাৰ মাঞ্চেষ্টাৰত অনুষ্ঠিত চতুর্থ টেষ্টত চাপৰ সন্মুখীন হৈছে ভাৰতীয় দল। শুভমন গীলৰ নেতৃত্বত ভাৰতীয় দলে অল্ড ট্ৰেফৰ্ডত পৰাজয়ৰ প্ৰতিৰোধৰ বাবে সংগ্রাম কৰিবলগীয়া হৈছে। মন কৰিবলগীয়া যে ভাৰতৰ প্ৰথম ইনিংছৰ ৩৫৮ ৰানৰ প্ৰত্যুত্তৰত ইংলেণ্ডে প্রথম ইনিংছত সংগ্ৰহ কৰে ৬৬৯ ৰান। ফলত ভাৰতীয় দলটো ৩১১ ৰানত পাছ পৰে। ফলত ভাৰতে এতিয়া জয় দূৰৈৰে কথা পৰাজয় প্রতিৰোধৰ বাবে সংগ্রাম কৰিবলগীয়া হৈছে। উল্লেখযোগ্য যে ভাৰতে প্রথম ইনিংছত তিনি শতাধিক ৰান সংগ্ৰহ কৰাৰ পাছতো প্রথম ইনিংছত ৩১১ ৰানত পাছ পৰে। টেষ্ট ক্রিকেটৰ ইতিহাসত সপ্তমবাৰলৈ প্ৰথম ইনিংছত তিনি শতাধিক ৰান কৰাৰ পাছতো প্রথম ইনিংস্থত তিনি শতাধিক ৰানত পাছ পৰে কোনো এটা দল। আনহাতে ভাৰতৰ ক্ষেত্ৰত এনে ধৰণৰ ঘটনা তৃতীয়বাৰলৈ ঘটে।
আনহাতে ভাৰতীয় দলে এতিয়ালৈকে ১২৭খন টেষ্টত প্রথম ইনিংছত ডেৰ শতাধিক ৰানত পাছ পৰে। ইয়াৰ ভিতৰত ভাৰতে এতিয়ালৈকে মাত্র দুবাৰহে জয়ৰ মুখ দেখিছে। ৯৩খন মেচত পৰাজিত হৈছে আৰু ৩২খন ড্ৰ ৰাখিবলৈ সক্ষম হয়। মাঞ্চেষ্টাৰত ভাৰতীয় বেটিং আৰু বলিং উভয় বিভাগে ইংলেণ্ডক চাপৰ মাজত ৰখাত ব্যর্থ হয়। বিশেষকৈ যশপ্রীত বুমৰাহকে ধৰি ভাৰতীয় বলাৰৰ শোচনীয় প্ৰদৰ্শনৰ ফলত ইংলেণ্ডে পাহাৰসদৃশ বান গোটাবলৈ সক্ষম হয়, যাৰ ফলত এতিয়া ভাৰতীয় দলৰ ইংলেণ্ডৰ হাতত শোচনীয় পৰাজয়ৰ দিশে আগবঢ়া পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে বুমৰাহে টেষ্ট জীৱনত ৪৮খন মেচ তথা ৯১টা ইনিংছৰ ভিতৰত প্ৰথমবাৰৰ বাবে অতি নিম্নমানৰ বলিং প্রদর্শন কৰে। তেওঁ প্রথমবাৰৰ বাবে ১০০ ৰ অধিক ৰান দিয়ে। আনহাতে বিগত এটা দশকৰ ভিতৰত ভাৰতে দ্বিতীয় ইনিংছত বেটিং কৰা দলটোক ৬০০তকৈ অধিক ৰান কৰাৰ সুযোগ দিয়ে।
উল্লেখযোগ্য যে ইংলেণ্ডৰ অধিনায়ক বেন ষ্টোকছৰ ঐতিহাসিক চেঞ্চুৰীৰ সহায়ত ইংলেণ্ডে প্রথম ইনিংছত সংগ্ৰহ কৰে ৬৬৯ ৰান। এয়া আছিল ইংলেণ্ডৰ নিজৰ দেশত তৃতীয় সর্বাধিক ৰান। ইফালে এটা ইনিংছত ৫টা উইকেট আৰু চেঞ্চুৰী কৰা বেন ষ্টোকছ দ্বিতীয়জন অধিনায়ক। ইংলেণ্ডে শুকুৰবাৰে ৭ উইকেট হেৰুৱাই ৫৪৪ ৰান কৰাৰ পৰা শনিবাৰৰ খেল আৰম্ভ কৰে। শুকুৰবাৰে ৭৭ৰানত অপৰাজিত হৈ থকা ষ্টোকছে শনিবাৰে ১৪১ ৰান কৰি বিদায় লয়। শেষৰ ফালে ব্ৰেণ্ডন কাৰ্ছে ৪৭ ৰানৰ অৱদান অগবঢ়ায়। ইফালে ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰিয়েই বিপর্যয়ৰ সন্মুখীন হয় আৰু স্ক'ৰ ব'ৰ্ডত এটাও বান যোগ নকৰাকৈ প্রথম অ'ভাৰটোতে যশস্বী জয়ছোৱাল আৰু সাই সুদর্শনে বিদায় লয়। শেহতীয়া বাতৰি মতে, ভাৰতে দুটা উইকেট হেৰুৱাই ১২৭ ৰান সংগ্ৰহ কৰে। সেই সময়ত অধিনায়ক শুভমন গীল ৫৯ ৰানত আৰু কে এল ৰাহুল ৬০ ৰানত অপৰাজিত হৈ আছে। ভাৰতক ইনিংছ পৰাজয়ৰ পৰা ৰক্ষা পাবলৈ এতিয়াও ১৮৪ ৰানৰ প্ৰয়োজন।