আচৰিত!মহিলাৰ কাণত বাহ সাজিছিল মকৰাই, তাৰপিছত কি হ'ল জানক…

Kakali Deka December 30, 2023

ডিজিটেল ডেস্ক: এগৰাকী মহিলাৰ কাণৰ ভিতৰত কিছুমান অস্বাভাৱিক শব্দ।অত্যাধুনিক কাণ চাফা কৰা যন্ত্ৰত পৰীক্ষাত কৰাত ধৰা পৰিল কাণৰ ভিতৰত মকৰাই বাহ লৈছে! লগে লগে চকু কপালত উঠিল মহিলাগৰাকীৰ।

জানিব পৰা মতে,মহিলাগৰাকীৰ নাম লুইচি ৱাইল্ড।ঘৰ ইংলেণ্ডত। স্থানীয় বিদ্যালয় এখনত শিক্ষকতা কৰে মহিলাগৰাকীয়ে।এটা সন্তানৰ মাতৃ। লুচিয়ে কাণৰ ভিতৰত কিছুমান অস্বাভাৱিক শব্দ শুনিব পাইছিল। মাজে মাজে কাণত খোঁচ মাৰি ধৰা যেন পায়। ব্ৰিটিছ মহিলাগৰাকীয়ে প্ৰথমে এই কথাটোত ইমান গুৰুত্ব দিয়া নাছিল।ভাবিছিল কাণত হয়তো মল জমা হ'ব পাৰে।

কিন্তু অস্বাভাৱিক শব্দ ক্ৰমান্বয়ে বাঢ়িব ধৰাত অৱশেষত তেওঁ অত্যাধুনিক যন্ত্ৰৰ সহায়ত কাণ দুখন চাফা কৰাৰ সিদ্ধান্ত ল’লে। সেই যন্ত্ৰটোৰ লগত এটা কেমেৰা সংলগ্ন কৰা আছিল। কেমেৰাত ধৰা পৰিল মলি নহয়, কাণৰ ভিতৰত এটা মকৰা!

মহিলাগৰাকীয়ে মকৰাটো আঁতৰাবলৈ কাণ ভিতৰত গৰম পানী ঢালি দিলে। গৰম পানী ঢলা পিছত মকৰাটো বাহিৰলৈ ওলাই আহিল।আকৃতিত মকৰাটো শিশুৰ নখৰ দৰে আছিল।ইয়াৰ পিছত ডাক্তৰৰ পৰামৰ্শ মতে ঔষধ খাই লুচিয়ে।

 তাৰ কিছুদিন পিছতে আকৌ আৰম্ভ হ’ল কাণৰ বিষ।এইবাৰো লুইচিয়ে আকৌ কাণ পৰিষ্কাৰ কৰা যন্ত্ৰটো ব্যৱহাৰ কৰিলে। তাত দেখিলে যে কাণত ক’লা ক’লা কিবা এটা আছে। লগে লগে মহিলাগৰাকীয়ে চিকিৎসালয়ত উপস্থিত হয়।


পৰীক্ষাত দেখা পালে ক’লা ক’লা বস্তুটো এটা মকৰা বাহ! চিকিৎসকে আঁতৰাই দিয়ে। লুইচিৰ ভাষাত, ‘বহুত যন্ত্ৰণাদায়ক আছিল। বাহিৰ কৰি অনাৰ সেই সময়ত মোৰ বমি হৈছিল’।

Share This