প্রথমেই ছেমিত ইংলেণ্ড, ছুপাৰ এইটত পাকিস্তান দুই উইকেটত পৰাস্ত

dainik janambhumi February 25, 2026

ডিজিটেল ডেস্ক : ছুপাৰ এইটত ক্রমাগত দ্বিতীয় জয়েৰে ইংলেণ্ডে চলিত আই চি চি টি-২০ বিশ্ব কাপত প্রথমেই ছেমি ফাইনেলত প্রৱেশ কৰিছে। হেৰী ব্ৰুকৰ অধিনায়কোচিত দুৰন্ত শতৰানৰ সহায়ত ছুপাৰ এইটৰ কালিৰ খেলত পাকিস্তানক দুই উইকেটত হৰুৱাই অন্তিম-৪ত উপনীত হয় ইংলিছ বাহিনী। 

ব্ৰুকৰ ৫১টা বলত ১০০ ৰানৰ সহায়ত ১৬৫ ৰানৰ লক্ষ্য অতিক্রম কৰে ইংলেণ্ডে। ৫টা বল বাকী থকা অৱস্থাত জয়ী হোৱা খেলখনত একক যোগ্য সহযোগিতা আগবঢ়োৱা উইল জেকছে ২৮ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান যোগায়। এটা সময়ত ইংলেণ্ডে ৩৫ ৰানত ৩টা আৰু তাৰ পাছত ৫৮ ৰানত ৪টা উইকেট হেৰুৱাই শ'লঠেকত পৰাৰ সময়তে ব্রুকে প্রায় অকলেই দলক জয়ৰ লক্ষ্যলৈ তুলি নিয়ে। 

ইংলেণ্ডে মূৰকত ৮ উইকেটত ১৬৬ ৰান কৰি জয়ী হয়। ইয়াৰ আগেয়ে পাকিস্তানে ছাহিবজাদা ফাৰহানৰ ৪৫টা বলত ৬৩ ৰানেৰে ৯ উইকেটত সংগ্ৰহ কৰিছিল ১৬৪ ৰান। ফাৰহানৰ উপৰি বাবৰ আজম আৰু ফখৰ জামানে ২৫ ৰানকৈ অৱদান যোগাইছিল। ইংলেণ্ডৰ লিয়াম ডছনে ২৪ ৰানত সর্বাধিক ৩টা, জেমী অ'ভার্টনে ২৬ ৰানত দুটা আৰু জুফ্রা আর্চাৰে ৩২ ৰানত পায় দুটা উইকেট।

Share This