১৫ বছৰৰ মূৰত 'এছেজ' শৃংখলাত ইংলেণ্ডৰ জয়, ১৮খন টেষ্টৰ পাছত পৰাজয়ৰ মুখ দেখিলে অষ্ট্ৰেলিয়াই 

dainik janambhumi December 28, 2025

ডিজিটেল ডেস্ক : ইংলেণ্ডে মেলব'র্ন ক্রিকেট গ্রাউণ্ডত এচেজ শৃংখলাৰ চতুৰ্থ টেষ্টত মাত্র দুদিনৰ ভিতৰতে জয়লাভ কৰে। ইংলেণ্ডৰ হাতত অষ্ট্ৰেলিয়া নিজৰ দেশত ১৮খন টেষ্টৰ পাছত পৰাজিত হয়। আনহাতে ইংলেণ্ডে ১৫ বছৰৰ পাছত অষ্টেলিয়াত জয়ৰ সোৱাদ ল'লে। উল্লেখযোগ্য যে প্রথম তিনিখন টেষ্টত জয়ী হৈ অষ্ট্ৰেলিয়াই ইতিমধ্যে পাঁচখনীয়া শৃংখলাটো জয় কৰাটো নিশ্চিত কৰে। ইংলেণ্ডে অষ্ট্ৰেলিয়াত অন্তিমবাব টেষ্ট শৃংখলা জয় কৰিছিল ২০১০-১১ বর্ষত ৩-১ ব্যৱধানত। 

ইয়াৰ পাছত অষ্ট্ৰেলিয়াত বিগত প্রায় ১৫ বছৰত ইংলেণ্ড ১৮খন টেষ্টৰ ১৬খনতে পৰাজিত হৈছে আৰু দুখন টেষ্ট ড্র হৈছে। উল্লেখযোগ্য যে মাত্র দুদিনতে শেষ হোৱা টেষ্টখনত অষ্ট্ৰেলিয়াই প্রথম ইনিংছত ১৫২ ৰান কৰে। প্রত্যুত্তৰত ইংলেণ্ডে প্রথম ইনিংছত ১১০ ৰানতে সকলো উইকেট হেৰুৱায়। ঘৰুৱা দলটোৱে দ্বিতীয় ইনিংছত সংগ্রহ কৰে ১৩২ ৰান। ফলত ইংলেণ্ডক জয়ৰ বাবে প্রয়োজন হয় ১৭৫ ৰানৰ। দলটোৱে ৬ উইকেটত ১৭৮ ৰান কৰি চাৰি উইকেটত জয়ী হৈ নিজৰ সমর্থকসকলক উল্লসিত কৰি তোলে। এম চি জিৰ পিটচত বেগী বলাৰে আধিপত্য বিস্তাৰ কৰে। প্রথম দিনা দুয়োটা দলবে ২০টা উইকেটৰ পতন ঘটাৰ পাছত কালি ১৬টা উইকেটৰ পতন ঘটে। ইংলেণ্ডে ১৭৫ ৰানৰ জয়ৰ লক্ষ্য আগত লৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰে আক্ৰমণাত্মকভাৱে। প্রথম দহ অ'ভাৰতে বেন ডাকেট (৩৪) আৰু তৃতীয় স্থানত বেটিং কৰিবলৈ অহা ব্রাইডন কাৰ্ছৰ (৬) উইকেট দুটা পতন ঘটে। তেতিয়া দলটোৰ স্ক'ৰ আছিল দুই উইকেটত ৭০ ৰান। স্কট বলেণ্ডে জেক ক্রাউলী (৩৭) আৰু জেকব বেথেলক (৪০) আউট কৰে। ক্রাউলীয়ে ডাকেটৰ সৈতে প্রথম উইকেটত ৫১ আৰু বেথেলৰ সৈতে তৃতীয় উইকেটত ৪৭ ৰানৰ গুৰুত্বপূর্ণ যুটি বান্ধে। 

জ' ৰুট আৰু বেন ষ্ট্ৰোকছ বেছি পৰ ক্ৰিজত টিকি থাকিব নোৱাৰিলে। পাছত হেৰী ব্রুক (অপৰাজিত ১৮) আৰু জেমি স্মিথে (অপৰাজিত ৩) দলক জয়ৰ লক্ষ্যত উপনীত কৰোৱায়। ইয়াৰ আগতে অষ্ট্ৰেলিয়াই শুকুৰবাৰৰ কোনো উইকেট নেহেৰুৱাকৈ ৪ বানৰ পৰা কালিৰ খেল আৰম্ভ কৰে আৰু ১৩২ ৰানত সকলো উইকেট হেৰুৱায়। দলৰ হৈ ট্রেভিছ হেডে সর্বাধিক ৪৬ ৰান কৰে। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াত ১৩৮ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে এখন টেষ্টত পাঁচ শতাধিক ৰান সংগ্রহ হয় যদিও কোনো এজন বেটাৰে অর্ধশতৰানো কৰিব নোৱাৰিলে।

Share This