নেপালৰ পৰিৱেশ অতি ভয়াৱহ

dainik janambhumi September 11, 2025

ডিজিটেল ডেস্কঃ 'নেপালৰ পৰিৱেশ অত্যন্ত ভয়াৱহ। এতিয়া নেপাললৈ নাযাব।' নেপালত অধ্যয়ন কৰি থকা অসমৰ ছাত্ৰ আনিনুল ইছলামে এই কথা প্রকাশ কৰিছে। গোৱালপাৰাৰ ছাত্ৰগৰাকীয়ে প্রকাশ কৰা মতে, সোমবাৰৰ দিনটো অত্যন্ত ভয়ংকৰ আছিল। ৰাজপথলৈ লাখ লাখ লোক ওলাই আহিছিল। যাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছিল। 

তেওঁ কয় যে এনে পৰিস্থিতিত বহু ভাৰতীয় ছাত্রই ইতিমধ্যে নিজ নিজ ঘৰলৈ ঘূৰি গৈছে। কিন্তু যোৱাক লৈও সমস্যাৰ সৃষ্টি হৈছে। কাঠমাণ্ডু স্কুল অব মেডিকেল ছায়েন্সত এম বি বি এছ পঢ়ি থকা ছাত্ৰগৰাকীয়ে লগতে কয় যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ শিক্ষানুষ্ঠান এটা সপ্তাহৰ বাবে বন্ধ দিছে।

আনকি মঙলবাৰে নিশা আমাৰ কাষতে থকা জে'লখনৰ কয়দী পলাই যোৱাৰ লগতে মেয়ৰৰ ঘৰটোও জ্বলাই দিয়ে। 

উল্লেখযোগ্য যে কাঠমাণ্ডুত অসমৰ শতাধিক ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰি আছে। দেশখনত সৃষ্টি হোৱা পৰিস্থিতিয়ে উক্ত ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালকো চিন্তিত কৰি তুলিছে। 

ইফালে বুধবাৰে বহুসংখ্যক ছাত্র-ছাত্রীয়ে ভাৰতলৈ ঘূৰি অহাৰ বাবে চেষ্টা চলায় যদিও এতিয়াও তেওঁলোক ভাৰতলৈ ঘূৰি আহিব পৰা নাই। 

আনহাতে শিলিগুৰিৰ সমীপত থকা নেপালৰ কাকৰভিটালৈ চকু চিকিৎসাৰ বাবে যোৱা অসমৰ লোকসকলো দেশখনত দেখা দিয়া অভাৱনীয় পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে। 

অৱশ্যে কাকৰভিটাত এতিয়ালৈকে কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।

Share This