ডিজিটেল ডেস্ক: ত্ৰিপুৰাৰ ২৪ বছৰীয়া এজন এম বি এ-ৰ ছাত্ৰক উত্তৰাখণ্ডৰ ডেৰাডুনত উন্মত্ত এদল লোকে মৰিয়াই হত্যা কৰাৰ পাছত বিশ্ববিখ্যাত পৰিৱেশ কর্মী লিচিপ্রিয়া কাংগুজামে প্রতিক্রিয়া প্রকাশ কৰিছে। মণিপুৰৰ শিশু পৰিৱেশ কর্মীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক চীনা বুলি ভবাটো বন্ধ কৰিবলৈ আহ্বান জনায়। সামাজিক মাধ্যম এক্সত তেওঁ কয়, 'মৃত্যুৰ আগতে তেওঁ ১৭ দিন জীৱনৰ বাবে আই চি ইউত যুঁজিলে। আমি চীনা নহয়। বর্ণবাদী বৈষম্য বন্ধ কৰক।'
উল্লেখযোগ্য যে ২০২৯ চনত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন বিষয়ক সম্মিলনত বিশ্বৰ নেতাসকলৰ আগত ভাষণ দি সেই সময়ত ৮ বছৰীয়া লিচিপ্রিয়াই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। বর্ণবৈষম্যমূলক কটুক্তিত আপত্তি কৰাৰ বাবে উত্তৰাখণ্ডৰ ডেৰাডুনত দুর্বৃত্তই আক্ৰমণ কৰাৰ ১৭ দিনৰ পাছত বৃহস্পতিবাৰে এঞ্জেল চাকমা নামৰ উক্ত ছাত্ৰজনে ডেৰাডুনৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
উক্ত হত্যাকাণ্ডৰ সৈতে জড়িত পাঁচজনক ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। আন এজন অভিযুক্ত সীমান্ত পাৰ হৈ নেপাললৈ পলাই যায়। আৰক্ষীক এঞ্জেলৰ ভাতৃ মাইকেলে দাখিল কৰা অভিযোগ মতে, ৯ ডিচেম্বৰৰ সন্ধিয়া তেওঁলোক বজাৰলৈ গৈছিল। তেওঁলোকে বস্তু কিনি থাকোঁতেই কেইজনমান মদপী লোকে তেওঁলোকৰ শাৰীৰিক চেহেৰাৰ ভিত্তিত তেওঁলোকক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। উক্ত আক্রমণকাৰীকেইটাই 'নেপালী', 'চাইনিজ', 'চিংকি' আৰু 'ম'মছ'ৰ দৰে বর্ণবৈষম্যমূলক কটুক্তি আৰু অশালীন ভাষা ব্যৱহাৰ কৰে। যেতিয়া এঞ্জেলে তেওঁলোকৰ গালিৰ বিৰোধিতা কৰে তেতিয়া অভিযুক্তসকলে তেওঁক ছুৰী আৰু ৰডেৰে আক্রমণ কৰে।