ডিজিটেল ডেস্ক : লাডাখৰ সমাজকর্মী সোনম ৱাংছুকক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কেন্দ্রীয় শাসিত অঞ্চলটোক ৰাজ্য ঘোষণা কৰিবলৈ দাবী জনোৱা আন্দোলনকাৰীক উচটনি যোগাইছে বুলি অভিযোগ কৰি আৰক্ষীয়ে তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত গ্ৰেপ্তাৰ কৰে। সূত্র মতে তেওঁক গ্ৰেপ্তাৰ কৰি লেহ বিমান বন্দৰলৈ লৈ যোৱা হৈছে আৰু তেওঁক লাডাখৰ বাহিৰলৈ নিবলৈ প্রস্তুতি চলোৱা হৈছে। ৱাংছুকক গ্ৰেপ্তাৰ কৰাৰ পাছতে লেহত ইণ্টাৰনেট সেবা বন্ধ কৰি দিয়া হয়। ইফালে লেহত ২৪ ছেপ্টেম্বৰত হোৱা হিংসাত্মক ঘটনাৰ পাছত কালি একেৰাহে তৃতীয় দিনৰ কাৰণে সান্ধ্য আইন অব্যাহত আছে। স্কুল-কলেজ সকলো বন্ধ আছে।
লাডাখক পূর্ণ বাজ্য ঘোষণা কৰা আৰু সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰাৰ দাবীত যোৱা বুধবাৰে হোৱা আন্দোলনৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। হিংসাত্মক ঘটনাত ৪জন যুৱক নিহত হোৱাৰ লগতে আৰক্ষীৰ ৪০জন লোককে ধৰি ৮০জন লোক আহত হয়। ইফালে গৃহ মন্ত্র্যালয়ে ৱাংছুকৰ সংস্থা ষ্টুডেণ্টছ এডুকেশ্যন এণ্ড কালছাৰেল মুভমেন্ট অব্ লাডাখৰ বিদেশী পুঁজি লাভৰ অনুজ্ঞাপত্র বাতিল কৰে। চৰকাৰৰ মতে সংগঠনটোৱে বিদেশৰ পৰা লাভ কৰা পুঁজিৰ অপব্যৱহাৰ কৰিছিল। ইফালে চি বি আয়ে ৱাংচুকৰ আন এটা সংস্থা তথা বেচৰকাৰী সংগঠন হিমালয়ান ইনষ্টিটিউট অব্ অলটাৰনেটিভ লাডাখৰ বিৰুদ্ধেও বিদেশী পুঁজি লাভৰ তদন্ত আৰম্ভ কৰিছে। ইফালে ৱাংছুকে এই বুলি অভিযোগ কৰে যে চৰকাৰে তেওঁক কাৰাগাৰত ৰখাৰ চেষ্টা কৰি প্রচেষ্টা চলাইছে। তেওঁ কয় যে চৰকাৰে জনসুৰক্ষা আইনৰ অধীনত তেওঁক দুবছৰৰ বাবে কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰিছে, কিন্তু তেওঁক কাৰাগাৰত ৰাখিলে চৰকাৰৰ বাবে অধিক সমস্যাৰ সৃষ্টি হ'ব পাৰে।
ইফালে জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই ৱাংছুকক গ্ৰেপ্তাৰ কৰা কার্যক দুর্ভাগ্যপূর্ণ বুলি কয়। ইফালে আপৰ নেতা অৰবিন্দ কেজৰিৱাল, মনীষ ছিছোদিয়া আৰু ৰাজ্য সভাৰ সদস্য সঞ্জয় সিঙেও ৱাংছুকক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিছে। কেজৰিৱালে কয়, 'ৰাৱণ আৰু কংসৰ অন্ত পৰিছিল, হিটলাৰ আৰু মুছোলিনিৰো অন্ত পৰিছিল। এতিয়া আমাৰ দেশত স্বেচ্ছাচাৰিতাই চৰম পৰ্যায় পাইছেগৈ। স্বেচ্ছাচাৰিতা আৰু অহংকাৰ কৰাসকলৰ শেষ অৱস্থাটো অতি বেয়া হয়।' আপে কালি সন্ধিয়া যন্তৰ মন্তৰত ৱাংছুকক গ্ৰেপ্তাৰৰ প্রতিবাদক বিক্ষোভ প্রদর্শন কৰে। কংগ্ৰেছৰ জম্মু আৰু কাশ্মীৰৰ নেতা গোলাম আহমদ মীৰে ৱাংছুকক গ্রেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে আৰু ইয়াক এক অবাঞ্ছিত পদক্ষেপ বুলি কয়।