ডিজিটেল ডেস্ক : সমগ্র দেশতে ২০% ইথানল মিশ্রিত (ই২০) পেট্রলক লৈ বিতর্ক চলি থকাৰ সময়তে দেশৰ বিভিন্ন জিলাত চলোৱা এটা সমীক্ষাই অধিকাংশ গাড়ীৰ মালিকে ইয়াক লৈ ক্ষোভপ্রকাশ কৰে। এই সমীক্ষাটোত অংশগ্রহণ কৰা ৫৩% লোকে দেশত যি ধৰণেৰে পৰিবহণ আৰু পেট্রলিয়াম মন্ত্ৰ্যালয়ে ই-২০ পেট্ৰলৰ প্ৰচলন বাধ্যতামূলক কৰে তাক লৈ ক্ষোভ প্রকাশ কৰে। এই লোকসকলৰ মতে, এই প্রক্রিয়াটো একেবাৰে শোচনীয় আৰু ফলপ্ৰসূহীন বুলি কয়।
সমীক্ষাটোত অংশগ্রহণ কৰা ৪২% লোকে এই প্রক্রিয়াটোক একেবাৰে বেয়া বুলি কয় আৰু মাত্র ১৩% লোকেহে এই ব্যৱস্থাটোক ইতিবাচক বুলি কয়। এই সমীক্ষাটো লোকেল চার্কোলে যোৱা মাহত দেশৰ ৩১৬খন জিলাত ২২,৫৬৭জন গাড়ীৰ মালিকক লৈ কৰিছিল। সমীক্ষাটোৰ মতে, ৬৬% লোকে এই বুলি মত প্রকাশ কৰে যে ই ২০ পেট্রল ব্যৱহাৰ কৰাৰ ফলত মাইলেজ ১০% তকৈ অধিক হ্রাস পাইছে। আনহাতে ৪৫% লোকে এই বুলি কয় যে ই২০ পেট্ৰলৰ ব্যৱহাৰ কৰাৰ ফলত গাড়ীৰ অংশ-পাতিৰ সমস্যা বৃদ্ধি পোৱাৰ লগতে চোৱাচিতা তথা মেৰামতিৰ ব্যয় অধিক বৃদ্ধি পাইছে। সমীক্ষাটোত আটাইতকৈ বেছি উদ্বেগৰ সৃষ্টি কৰা বুলি জনা গৈছে ২০২৩ চনৰ আগতে ক্ৰয় কৰা গাড়ীৰ মালিকসকলৰ। তিনি বছৰ পুৰণি গাড়ী ব্যৱহাৰ কৰা লোকসকলে কয় যে তেওঁলোকৰ গাড়ীৰ মেৰামতিত কৰা ব্যয় পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে। সমীক্ষাটোক অংশগ্ৰহণ কৰা লোকসকলে পেট্রলত ইথানল মিহলি কৰাৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰা নাই, কিন্তু তেওঁলোকৰ মতে প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিকল্প ব্যৱস্থা থকাৰ প্ৰয়োজন। ২০২৩ চনৰ আগতে ক্ৰয় কৰা গাড়ীৰ মালিকসকলে কয় যে বজাৰত ইথানল মিহলি নকৰা বা ১০% মিহলি কৰা পেট্রল থাকিলে তেওঁলোকে ইয়াক ক্ৰয় কৰাতহে অধিক গুৰুত্ব দিব।
উল্লেখযোগ্য যে ২০% ইথানল মিহলি পেট্রলক লৈ দেশত বিতর্ক চলি থকাৰ সময়তে চৰকাৰে ইয়াৰ সপক্ষে মত প্রকাশ কৰে। চৰকাৰৰ মতে, পেট্রলত ২০% ইথানল মিহলি কৰাৰ ফলত আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস পাব, প্রদূষণ হ্রাস পাব, শক্তিৰ সুৰক্ষা শক্তিশালী হ'ব আৰু কৃষকো আর্থিকভাৱে লাভৱান হ'ব।