ডিজিটেল ডেস্ক : ভাৰতৰ পাছতে ইউৰোপৰ কেইবাখনো দেশে আমেৰিকালৈ ডাক সেৱা বন্ধ ৰখাৰ কথা ঘোষণা কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ নতুন শুল্ক নীতিৰ বাবেই ইউৰোপৰ কেইবাখনো দেশে আমেৰিকালৈ ডাক সেৱা অস্থায়ীভাৱে বন্ধ ৰখাৰ কথা ঘোষণা কৰে। এই দেশকেইখনৰ ভিতৰত ইটালি, ব্রিটেইন, ফ্রান্স, জার্মানি, নেদাৰলেণ্ড, অষ্ট্রিয়াও আছে। উল্লেখযোগ্য যে ৰাষ্ট্রপতি ট্রাম্পে কৰা এটা ঘোষণাত এইবুলি কোৱা হৈছে যে ২৯ আগষ্টৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা ৮০০
ডলাৰ পৰ্যন্ত মূলৰ সামগ্ৰীত সীমা শুল্ক ৰেহাই দিয়াটো বন্ধ কৰা হৈছে। ইউৰোপীয় ডাক সংগঠন প'ষ্ট ইউৰোপ আৰু আন ডাক বিভাগৰ সংগঠনৰ মতে, আমেৰিকাৰ তৰফৰ পৰা এতিয়ালৈকে এই বিষয়ত
স্পষ্টভাৱে কোনো কথা জনোৱা হোৱা নাই। সেয়েহে বর্তমান ডাক সেৱা বন্ধ ৰখা হৈছে। উল্লেখযোগ্য যে ভাৰতীয় ডাক বিভাগে কাইলৈৰ পৰা আমেৰিকালৈ ডাক সেৱা সাময়িকভাৱে বন্ধ ৰখাৰ কথা ঘোষণা কৰে।