গৰমত গলিছে ইউৰোপীয় ৰাজপথ

dainik janambhumi July 01, 2026

ডিজিটেল ডেস্ক : ইউৰোপ মহাদেশৰ অধিকাংশ দেশতে বর্ধিত তাপমাত্রাই অভিলেখৰ পাছত অভিলেখ গঢ়িছে। অতিপাত গ্রীষ্মপ্রৱাহে ইউৰোপীয় দেশসমূহত দৈনন্দিন জীৱন-যাত্রা ব্যাহত কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ইউৰোপৰ কেইবাখনো দেশত বহু লোকৰ প্ৰাণ গৈছে আৰু বহু লোকক অসুস্থ হোৱাৰ বাবে হস্পিটেলত ভৰ্তি কৰিব লগা হৈছে। এনেধৰণৰ পৰিস্থিতি হৈছে যে উৎকট গৰমত অসুস্থ হোৱা লোকৰ বাবে হস্পিটেলত ঠাইৰ অভাৱ হৈছে আৰু ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। 

মহাদেশখনত গ্রীষ্মপ্রৱাহে ইমানে ভয়ংকৰ ৰূপ লৈছে যে সামাজিক মাধ্যমত কিছুমান দেশৰ বাসিন্দাই ভিডিঅ' প্ৰদৰ্শন কৰি সূৰ্যৰ তাপত বাহিৰত পাত্ৰ ৰাখি খাদ্য ৰন্ধন কৰা দৃশ্য প্ৰচাৰ কৰিছে। পেনত কণী ভাঙি অমলেট প্ৰস্তুত কৰাৰ ভিডিঅ'ও প্ৰচাৰ কৰিছে সামাজিক মাধ্যমত। স্থানীয় সংবাদ মাধ্যমে দেখুওৱা ভিডিঅ'ত জার্মানিত ট্রাম গাড়ীৰ ট্রেক গলিবলৈ ধৰা প্ৰত্যক্ষ কৰা হৈছে। জার্মানিৰ লেইপজিত সেইবাবে ট্রামগাড়ী চলাব পৰা নাই। গৰমৰ প্রকোপ ইমানেই বেছি হৈছে যে বিভিন্ন দেশৰ অঞ্চলবোৰত দোকানৰ ভিতৰত ৰখা চকলেট আৰু আন খাদ্য সামগ্রী গলিবলৈ আৰম্ভ কৰিছে। জার্মানিত বার্লিন আৰক্ষীয়ে পানী হিলৈ (ৱাটাৰ কেনন) ব্যৱহাৰ কৰি জনতাক গৰমৰ পৰা সকাহ দিছে। 

ইউৰোপীয় দেশসমূহৰ বিভিন্ন অঞ্চলৰ ৰাজপথ গলিছে আৰু পথৰ কাষত থকা ডাষ্টবিন আনকি গাড়ীৰ চকাও উৎকট গৰমৰ প্রকোপত গলিবলৈ আৰম্ভ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেডৰ'ছ আধানম ঘেৱেয়েছাছে শনিবাৰে কয় যে ইউৰোপ বৰ্তমান পৃথিৱীৰ ভিতৰত দ্রুতভাৱে উষ্ণতা বৃদ্ধি হোৱা মহাদেশ হিচাপে পৰিগণিত হৈছে। ইউৰোপত ১৫ কোটি লোক গ্ৰীষ্মপ্ৰৱাহত আক্ৰান্ত হৈছে আৰু সহস্রাধিক লোকৰ মৃত্যু হৈছে। স্কুল-কলেজ বন্ধ কৰি দিয়া হৈছে আৰু দৈনন্দিন জীৱন-যাত্রা ব্যাহত হৈছে। অতিপাত উষ্ণতাৰ বাবে ইউৰোপত যোৱা ২১ জুনৰ পৰা ১৫০০ লোকৰ মৃত্যু হৈছে বুলি টেডৰ'ছে কয়। যোৱা সপ্তাহত চেক গণৰাজ্য, জার্মানি, পোলেণ্ডত ৪২, ৪১.৭, ৪০.৬ ডিগ্রী তাপমাত্ৰাৰ অভিলেখ হয়। ফ্রান্সত যোৱা সপ্তাহত চলিত বৰ্ষৰ ভিতৰতে সৰ্বাধিক অতিৰিক্ত মৃত্যু হয়। স্বাভাৱিক মৃত্যুতকৈ অতিৰিক্ত হিচাপে সহস্রাধিক লোকৰ মৃত্যু হয় যোৱা সপ্তাহত ফ্রান্সত। দেশখনত শেষকৃত্য গৃহবোৰত ৬০% অন্তিম সংস্কাৰৰ অনুষ্ঠান বৃদ্ধি পাইছে। 

যোৱা শুকুৰবাৰৰ পৰা মধ্য পেৰিছত শেষকৃত্য গৃহবোৰত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। আনহাতে, ৰাছিয়াৰ সৈতে যুদ্ধত ইতিমধ্যে বিধ্বস্ত হৈ থকা ইউক্রেইনত উৎকট গৰমৰ বাবে বিদ্যুৎ কৰ্তন কৰিবলগা হৈছে। পাৱাৰগ্ৰীডসমূহক সকাহ দিয়াৰ বাবেই এই ব্যৱস্থা লোৱা হৈছে। আনহাতে, স্পেইন, ইটালি, ভেটিকান চিটি, ক্র'ৱেছিয়া, চাইপ্রাছ আদিত উৎকট গৰমৰ ৰেড এলার্ট জাৰি কৰা হৈছে। প্রবল গ্রীষ্মপ্রৱাহত দেশকেই খনত জনজীৱন স্তব্ধ হৈ পৰিছে। 

ইফালে, ইউৰোপীয় গ্রীষ্মপ্ৰৱাহ আমেৰিকাতো প্রবেশ কৰিছে। মধ্য আৰু পূব আমেৰিকাত মঙলবাৰৰ পৰা প্ৰবল গ্রীষ্মপ্ৰৱাহ আৰম্ভ হৈছে। দেশখনৰ সমাগত ২৫০ বছৰীয়া স্বাধীনতা দিৱস উদ্যাপন আৰু ফিফা বিশ্বকাপৰ নকআউট পৰ্যায়ৰ খেলসমূহ প্রবল গ্ৰীষ্মপ্ৰৱাহৰ বাবে প্ৰভাৱিত হোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান সংস্থাই।

Share This