গুৱাহাটীত প্রতিনিধি দল, অসমৰ প্ৰশংসাত পঞ্চমুখ ইউৰোপীয় সংঘৰ নেতা

dainik janambhumi June 09, 2026

ডিজিটেল ডেস্ক: ইউৰোপীয় সংঘ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত অর্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে দুদিনীয়া ভ্রমণসূচীৰে কালি অসমত উপস্থিত হ'লহি ইউৰোপীয় সংঘৰ এটা বৃহৎ প্ৰতিনিধিৰ দল। ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হার্ভে ডেলফিনৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলটো আজি গুৱাহাটীত উপস্থিত হয়। আনহাতে, গুৱাহাটীত উপস্থিত হৈয়ে দলটোৰ নেতা হার্ভে ডেলফিনে অসমৰ প্ৰশংসাত পঞ্চমুখ হোৱাৰ লগতে এই ভ্ৰমণৰ সময়ত হ'বলগীয়া গুৰুত্বপূৰ্ণ বৈঠকসমূহৰ সফলতাৰ আশা প্রকাশ কৰে। 

গুৱাহাটীত উপস্থিত হৈয়েই দলনেতা ডেলফিনে এয়া তেওঁৰ তৃতীয়টো অসম ভ্রমণ বুলি উল্লেখ কৰি কয় যে অসম প্রকৃততেই 'গেটৱে' টু গুডনেছ'। এই ঠাইখন মোৰ সঁচাকৈয়ে ভাল লাগে। মই মুখ্যমন্ত্ৰীৰ সৈতে হ'বলগীয়া বৈঠকৰ বাবে যথেষ্ট আগ্রহী। ডেলফিনে কয় যে উত্তৰ-পূব ভাৰত আৰু বিশেষকৈ অসমৰ অৰ্থনৈতিক সম্ভাৱনা বহুত বেছি। ইয়াত দক্ষ কর্মীৰ অভাৱ নাই আৰু এই অঞ্চলটো দেশৰ ভিতৰতে আটাইতকৈ দ্রুতগতিত বৃদ্ধি পোৱা অঞ্চলসমূহৰ অন্যতম। ইফালে, ইউৰোপীয় সংঘই প্রকাশ কৰা এক প্ৰেছ বিবৃতিত 'ঢীম ইউৰোপ' নামেৰে সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলে অৰুণাচল প্রদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ সৈতে সংঘৰ সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে এই ভ্ৰমণ কৰা বুলি প্রকাশ কৰে। এই ভ্ৰমণত ইউৰোপ আৰু অসমৰ লগতে সামগ্রিকভাৱে উত্তৰ-পূব ভাৰতৰ নবীকৰণযোগ্য আৰু সেউজ ইন্ধন, বহনক্ষম নগৰীয়া আন্তঃগাঁথনি, স্বাস্থ্য সেৱা আৰু ঔষধ, ছেমি কণ্ডাক্টৰ আৰু ইলেকট্র'নিকছ উৎপাদন, চাহ আৰু কৃষি খাদ্য প্রক্রিয়াকৰণ, সোৱাদ আৰু সুগন্ধি আৰু আয়ুষকে ধৰি শক্তিশালী সহযোগিতা লাভ কৰা খণ্ডসমূহৰ মূল্য শৃংখলৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। 

লক্ষণীয় যে ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোত ইউৰোপৰ ব্যাৱসায়িক প্ৰতিনিধিৰ লগতে ভাৰত আৰু ভূটানত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হার্ভে ডেলফিনকে ধৰি ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু জ্যেষ্ঠ প্রতিনিধিও আছে। দলটোৱে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে ফেডাৰেশ্যন অব্ ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়াৰ (এফ ই বি) নেতৃত্বত ব্যাৱসায়িক প্রতিনিধি দলেও অসম চৰকাৰৰ বিষয়াসকলৰ সৈতে বাণিজ্য আৰু বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিব। প্রতিনিধি দলটোৱে আজি অসম চৰকাৰৰ উদ্যোগত আয়োজিত 'ব্লু ভেলী (নীলা উপত্যকা) : ভাৰত আৰু ইউৰোপৰ মাজত পৰিৱেশ তন্ত্র আৰু মূল্য শৃংখল নির্মাণ' শীর্ষক আলোচনা-চক্ৰত অংশগ্ৰহণ কৰিব। এই আলোচনাত ইউৰোপীয় আৰু ভাৰতীয় ব্যৱসায়ীসকলক একত্ৰিত কৰি বহনক্ষম মূল্য শৃংখল, উদ্যোগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ সন্ধান কৰা হ'ব। এই ভ্রমণৰে এক গুৰুত্বপূর্ণ অংশ হিচাপে অসমত প্ৰথমবাৰৰ বাবে ব্লু ভেলী ক্লাষ্টাৰ নামৰ এটা নতুন ঔদ্যোগিক কেন্দ্র মুকলি কৰা হ'ব। চৰকাৰী আৰু ব্যক্তিগত অংশীদাৰিত্বৰে গঢ়ি উঠিবলগীয়া এই কেন্দ্ৰটোৱে সুগন্ধি, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু আয়ুষ খণ্ডৰ ওপৰত কাম কৰিব।  

ইউৰোপ, উত্তৰ-পূব ভাৰত আৰু ভূটানক সংযোগ কৰি গৱেষণা, উদ্ভাৱন আৰু বহনক্ষম উৎপাদন বৃদ্ধি কৰিব। এই পাইলট প্রকল্পটো ২০২৬ চনৰ ইউৰোপীয় সংঘ আৰু ভাৰতৰ সন্মিলনত ঘোষণা কৰা ব্লু ভেলী আঁচনিৰ সৈতে সংগতি ৰাখি প্রস্তুত কৰা হৈছে। ইয়াৰ জৰিয়তে স্থানীয় সমাজ লাভান্বিত হোৱাৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ ইউৰোপীয় বজাৰৰ সৈতে সংযোজিত হ'ব পাৰিব। ইয়াৰ উপৰি প্ৰতিনিধিৰ দলটোৱে টাটা ইলেকট্ৰ'নিকছৰ নতুন ছেমি কণ্ডাক্টৰ উদ্যোগ পৰিদৰ্শন কৰি উচ্চ প্ৰযুক্তিৰ উৎপাদনত অসমৰ ক্রমবর্ধমান ভূমিকা প্রদর্শন কৰিব। উল্লেখযোগ্য যে যোৱা জানুৱাৰী মাহত অনুষ্ঠিত হোৱা ইউৰোপীয় সংঘ আৰু ভাৰতৰ সন্মিলনত গ্ৰহণ কৰা যুটীয়া কাৰ্যসূচী অনুসৰি এই ভ্রমণসূচী যুগুত কৰা হৈছে ।

Share This