মুখ্যমন্ত্রীয়ে দিলে দুঃসংবাদ : অজ্ঞাত কাৰণত ভ্ৰমণসূচীৰ সালসলনি, অসমলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী

dainik janambhumi June 24, 2026

ডিজিটেল ডেস্ক : অসমবাসীৰ বাবে দুঃসংবাদ। জাপানৰ প্ৰধানন্ত্ৰীৰ অসম ভ্রমণ বাতিল কৰা হৈছে। অহা মাহত গুৱাহাটীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিৰ মাজত অনুষ্ঠিত হ'বলগীয়া বহুপ্রত্যাশিত বৈঠকখন বাতিল হোৱাৰ কথা কালি ৰাজহুৱা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। 

জাপানী নেত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণ এতিয়া নতুন দিল্লীতে সীমাবদ্ধ থাকিব বুলি জনাই কালি দিছপুৰত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° শর্মাই কয়, 'কালি নিশা প্রায় চাৰে দহ বজাত আমাৰ দেশৰ বৈদেশিক সচিব বিক্রম মিস্ত্রীয়ে ৰাজ্যৰ মুখ্য সচিবক জনায় যে এৰাব নোৱৰা বিশেষ কাৰণত এইবাৰ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিব নোৱাৰে।' অৱশ্যে পাছত জাপানৰ ব্যৱসায়ীসকলৰ এটা দল অসমলৈ আহিব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী সময়ত এটা দিন ঠিক কৰি অসমত এখন 'ইনভেষ্টৰ মীট' অনুষ্ঠিত কৰা হ'ব, য'ত জাপানৰ ব্যৱসায়ীসকলে অংশগ্রহণ কৰিব। 

মন কৰিবলগীয়া কথা যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে মাৰুতি ছুজুকিৰ উদ্যোগত ৫০ জনীয়া উদ্যোগপতিৰ এটা দলো অসমলৈ অহাৰ কথা আছিল। ইফালে, কি কাৰণত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্রমণ বাতিল হ'ল, সেই কথা এতিয়ালৈকে ৰাজ্য চৰকাৰক জনোৱা হোৱা নাই বুলি মত ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'কাৰণটো জনোৱা নাই। কাৰণ সোধাটো প্রট'কলত নপৰে। ইয়াৰ সৈতে ভাৰত-জাপানৰ সন্মানৰ কথা জড়িত হৈ আছে। কাৰণখিনি আমি নিজেই উলিয়াই ল'ব লাগিব।' অৱশ্যে দিল্লীলৈ গ'লে বৈদেশিক মন্ত্রী এছ জয়শংকৰক কাৰণটো সুধি ল'ব পাৰিম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু স্থানীয় পর্যায়ত বিভিন্ন কথা ওলাই আছে। মুখ্যমন্ত্রী এজনে এই সন্দর্ভত প্রমাণ নথকাকৈ কোনো কথা কোৱাটো উচিত নহয়। কিন্তু গুৱাহাটীত বা অসমত কি হৈ আছে, সেয়া আমি চকুৰে দেখি আছোঁ। গতিকে আমি নিজেই কিছু ধাৰণা কৰিব পাৰোঁ বুলিও কয় ড° শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, 'কেন্দ্ৰীয় চৰকাৰে বা আন কোনোবাই দলটো কিয় নাহিল সেই কথা মোক এতিয়ালৈকে জনোৱা নাই। দুই-তিনি দিনৰ পাছত কি কাৰণত নাহিল সেয়া জানিবলৈ চেষ্টা কৰিম।' 

আনহাতে, অনাগত দিনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক লগ পালে অসমত ইয়াতকৈও ডাঙৰ কিবা এটা প্র'গ্রেম যাতে অনুষ্ঠিত কৰে, তাৰ বাবে অনুৰোধ জনাম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'এইবাৰ বতৰো ভাল আছিল। পৰিৱেশো ভাল আছিল। কিন্তু কিবা কাৰণত নহ'ল আৰু। এয়া আমাৰ বাবে দুর্ভাগ্যৰ কথা। ২০১৯ চনত আমি প্রস্তুতি চলায়ো আনিব নোৱাৰিলোঁ। এইবাৰো যোৱা এমাহ ধৰি জাপানৰ দূতাৱাসৰ বিষয়াসকল অসমতে আছিল। তন্ন তন্নকৈ অসমখন ঘূৰি তেওঁলোকে আনকি হোটেলৰ ৰূম পর্যন্ত ঠিক কৰিছিল। কি কি খাব সেয়াও নির্ধাৰণ কৰিছিল। কিন্তু শেষত নহ'লগৈ।' ইফালে, বিদেশী অতিথিগৰাকী অহাৰ বাবেই গুৱাহাটীখন সজাই-পৰাই তোলা হৈছিল বুলি জনাই ড° শর্মাই কয়, 'অতিথিজনৰ বাবে বিশেষভাৱে কৰা কামখিনি আৰু কৰা নহয়। যিহেতু নাহিলেই গতিকে এতিয়া এইবোৰ কামত ধন ব্যয় কৰিলে চৰকাৰী ধনৰ অপব্যৱহাৰ কৰা হ'ব।' 

উল্লেখযোগ্য যে জাপানী সংবাদ মাধ্যমে পূর্বে প্রকাশ কৰিছিল যে ভাৰতৰ উত্তৰ-পূবৰ সৈতে জাপানৰ সম্পৰ্ক গভীৰ আৰু ভাৰতৰ 'এক্ট ইষ্ট পলিচি'ৰ অধীনত সহযোগিতা আগবঢ়াই নিয়াৰ প্ৰচেষ্টাৰ অংশ হিচাপে দুয়োগৰাকী নেতাই অসমত সাক্ষাৎ কৰিব পাৰে। ইয়াৰ পূৰ্বে ২০১৯ চনৰ ডিচেম্বৰত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে অব্যাহত প্রতিবাদৰ বাবে তদানীন্তন জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ প্ৰস্তাৱিত অসম ভ্রমণ বাতিল হৈছিল। ইফালে, জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম ভ্রমণ বাতিল কৰাৰ খবৰটো বিয়পি পৰাৰ পাছতেই সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত তোলপাৰ লাগে। 

বহুতেই দাবী কৰিছে যে যোৱা ১৮ জুনত গণেশগুৰি উৰণ সেতুৰ খুঁটাত থকা জুবিন গাৰ্গৰ ছবি মচি পেলোৱাক লৈ যি বিতর্ক তথা ছবিখন পুনৰ অংকনৰ সময়ত সৃষ্টি হোৱা সমাগমৰ ফলতেই জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্রমণ বাতিল কৰা হৈছে। একাংশই অভিযোগ কৰা মতে, ছবিখন অঁকাৰ সময়ত যি যান-জঁটৰ সৃষ্টি হৈছিল সেই যান-জঁটত প্রায় তিনি ঘণ্টা সময় আবদ্ধ হৈ আছিল জাপানৰ পৰা অহা প্ৰতিনিধিৰ এটা দল। সেইবাবেই জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ তেওঁলোকে বাতিল কৰে। ইয়াৰ বিপৰীতে সংবাদ সংস্থা এ এন আই-এ প্রকাশ কৰা অনুসৰি, অহা ১ৰ পৰা ৩ জুলাইলৈ জাপানৰ প্রধানমন্ত্রী ছানাই তাকাইচিয়ে প্রথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। কিন্তু সময়ৰ নাটনিৰ বাবে তেওঁৰ ভ্ৰমণ নতুন দিল্লীতে সীমিত থকাৰ সম্ভাৱনা আছে।

Share This