অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই

Rashmi September 11, 2025

ডিজিটেল ডেস্কঃ এই বিশ্বত ভিন্ন বিৰল ৰোগ আছে। যি ৰোগৰ চিকিৎসা কেতিয়াও সম্ভৱপৰ হৈ নুঠে। মধ্যপ্ৰদেশ ৰাজগড়ৰ এগৰাকী মহিলাই ভুগি আছে এক ৰসহ্যময় ৰোগত, যাকে লৈ চিন্তিত হৈ পৰিছে পৰিয়াল। চিকিৎসকো হৈ পৰিছে ব্যৰ্থ। মঞ্জু নামৰ মহিলাগৰাকীয়ে প্ৰতিদিনে ৬০-৭০খন ৰুটী খায়, তথাপি তেওঁ কয়: "মই দুৰ্বল অনুভৱ কৰি আছোঁ, মোৰ পেট ভৰা নাই, ভোক গুচা নাই। "

চিকিৎসকে কয় এয়া মানসিক ৰোগ, মানসিক বিকাৰ। এই মানসিক ৰোগত আক্ৰান্তসকলে অনুভৱ কৰে যে তেওঁ একো খোৱা নাই।

৩ বছৰ ধৰি চিকিৎসা চলি আছে মঞ্জুৰ। চিকিৎসাত ৫-৮ লাখ টকা খৰচ কৰাৰ পাছতো কোনো সুফল পোৱা নাই। ইয়াকে লৈ মাক-দেউতাকৰ ঘৰত শান্তি নাই, শহুৰেকৰ ঘৰত শান্তি নাই। এতিয়া চিকিৎসাৰ বাবে টকাও নোহোৱা হৈ আহিছে।

মহিলাগৰাকীয়ে প্ৰতি ঘণ্টাতে ৰুটী বিচাৰে। ৰুটী নাখালে তেওঁ অস্থিৰ অনুভৱ কৰে। এতিয়া চিকিৎসকে ফল-মূল দিবলৈ পৰামৰ্শ দিছে।

এতিয়ালৈকে চৰকাৰী পর্যায়ৰ পৰা কোনো সাহায্য লাভ কৰা নাই ভুক্তভোগী পৰিয়ালটোৱে। পৰিয়ালটোৱে আৱেদন জনাইছে- "চৰকাৰে সহায় কৰিলে চিকিৎসা সম্ভৱ হ'ব"।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This