মধ্যপ্ৰদেশত কংগ্ৰেছত যোগদান প্ৰাক্তন ডকাইত মালখান সিঙে

Kakali Deka August 09, 2023

ডিজিটেল ডেস্কঃ বুধবাৰে মধ্যপ্ৰদেশত কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন ডকাইত মালখান সিঙে৷য’ত কেইমাহমানৰ পাছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

১৯৮২ চনত আত্মসমৰ্পণ কৰাৰ পূৰ্বে দুটা দশক ধৰি ৰাজ্যখনৰ চম্বল অঞ্চলত ভয়ংকৰ ডকাইত হিচাপে পৰিচিত আছিল মালখান সিং৷কংগ্ৰেছ দলৰ ৰাজ্যিক মুৰব্বী কমল নাথ আৰু বিৰোধী দলৰ নেতা ড০ গোবিন্দ সিঙৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰাৰ পাছত প্ৰাক্তন ডকাইতগৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত গোৱালিয়ৰ-চম্বল অঞ্চলৰ পৰা বিজেপিক নিঃশেষ কৰা হ’ব বুলি মন্তব্য কৰে।

এই উপলক্ষে শাসকীয় বিজেপিয়ে দুটা দশকজোৰা শাসনকালত জনসাধাৰণৰ মাজত ভয় আৰু সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে কমলনাথে। বিজেপি চৰকাৰক ভোট আউট কৰিবলৈ ৰাইজে সিদ্ধান্ত লৈছে বুলিও তেওঁ কয়। মালখান সিঙে সাংবাদিকৰ আগত কয় যে তেওঁ সদায় অন্যায়ৰ বিৰুদ্ধে কাম কৰিছিল আৰু ইয়াৰ পূৰ্বেও বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল।

শাসকীয় শাসন ব্যৱস্থাই মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে বিজেপি নেতাসকলে জনসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।উল্লেখ্য যে কংগ্ৰেছৰ এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে শিক্ষা বিভাগৰ প্ৰাক্তন বিষয়া সন্তোষ শৰ্মায়ো ১২০০ সমৰ্থকৰ সৈতে কংগ্ৰেছ দলত যোগদান কৰে।

Share This