ডিজিটেল ডেস্ক : পঞ্চাছৰ দশকৰ পৰা খহনীয়াই বিধ্বস্ত কৰা মাজুলীৰ আধা অংশতকৈয়ো বেছি অঞ্চল ব্ৰহ্মপুত্ৰই গ্রাস কৰিলে। বর্তমানো আউনীআটী সমীপৱৰ্তী ভকত চাপৰিত খহনীয়া অব্যাহত থকা অৱস্থাত মাজুলী-ধুনাগুৰি দলং সংযোগী পথ নিৰ্মাণৰ বাবে কমলাবাৰী দক্ষিণ-পূব অংশত মাটি কাটিবলৈ লোৱা কাৰ্যই কমলাবাৰীকে ধৰি নামনি আউনীআটী পর্যন্ত খহনীয়া হোৱাৰ আশংকাত ভুগিছে মাজুলীৰ ৰাইজ। এসময়ৰ বসতিপ্রধান পৰৱৰ্তী সময়ত খহনীয়াই গ্রাস কৰা পূৰ্বৰ নামসোণোৱাল, বতীয়ামাৰী, এলেঙীচাপৰি অঞ্চলত বৃহৎ চাপৰি পাতিলে যদিও এই স্থানতে দলং সংযোগী পথ নিৰ্মাণৰ বাবে প্রায় এমাহ ধৰি মাটি কাটিবলৈ লোৱাত শংকিত ৰাইজে ৰাজহুৱা সভাৰ যোগেদি মাজুলীৰ বিধায়ক আৰু জিলা আয়ুক্তক স্মাৰক-পত্ৰ প্ৰদান কৰি মাটি কটা কাৰ্য বন্ধ কৰাৰ আহ্বান জনাইছিল। কিন্তু ৰাইজৰ আহ্বানক কটাক্ষ কৰি পথ নির্মাণ কোম্পানীয়ে মাটি কটাৰ কাম অব্যাহত ৰাখিছে।
১৯৯০ চনৰ পৰা ২০০৭ চনলৈকে বৰ্তমানৰ মাটিকটা অঞ্চলকে ধৰি চুমৈমাৰী, হোকোনামুখ, কানিয়াজান, পাভখোৱা, ওপৰসোণোৱাল, নামসোণোৱাল, এলেঙী চাপৰি, বতীয়ামাৰী, কলবাৰী, আলিমূৰ মিচিং প্ৰমুখ্যে গাঁওসমূহ মাজুলীৰ মানচিত্ৰৰ পৰাই নাইকিয়া কৰিলে। তদুপৰি বৃহত্তৰ ভোগপুৰ বেঙেনাআটীৰ কুৰিখন গাঁৱলৈ ভাবুকি নমাই তাণ্ডৱ সৃষ্টি কৰা খহনীয়া পতিত অঞ্চলৰ ৰাইজে পাহৰা নাই মাটি-ভেটি হেৰুওৱাৰ বেদনা। এসময়ৰ ৰবিকৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱা পোহাৰদিয়া গাঁৱৰ নাজল-নাথল অৱস্থা অতিশয় দুখজনক। বৰ্তমানৰ মাটিখনন কৰা কাৰ্যৰ দ্বাৰা ব্ৰহ্মপুত্ৰক আদৰি অনাৰ ব্যৱস্থা হ'লে বৃহত্তৰ কমলাবাৰী আউনীআটী অঞ্চল যে ব্রহ্মপুত্রই গ্রাস কৰিব তাক উলাই কৰিব নোৱাৰি।
সেয়েহে মাজুলীৰ সচেতন ৰাইজক লৈ এই সমস্যাৰ প্ৰসংগত গঠন কৰা আহ্বায়ক সমিতিয়ে ৰাজহুৱা সভাৰ সিদ্ধান্ত বিধায়ক আৰু প্ৰশাসনক দিয়াৰ পাছতো মাটিখনন কাৰ্য বন্ধ নকৰাক লৈ আজি কমলাবাৰীত অনুষ্ঠিত আহ্বায়ক সমিতিৰ সভাৰ সিদ্ধান্ত অনুযায়ী প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। সেয়েহে প্রশাসনক বিষয়টো অৱগত কৰি অহা ২২ আগষ্টত পুনৰ এখন ৰাজহুৱা সভাত মাজুলীবাসী ৰাইজে সত্ৰাধিকাৰসকলৰ পৰামৰ্শ বিচাৰিব বুলিও আজিৰ সভাত সিদ্ধান্ত কৰা হয়।