ডিজিটেল ডেস্ক: মঙলবাৰে কেন্দ্ৰীয় কেবিনেটে ৮.৬৯ লাখ কোটি টকাৰ বৰ্ধিত ব্যয়েৰে ২০২৮ চনৰ ডিচেম্বৰলৈকে জলজীৱন মিছনৰ সম্প্ৰসাৰণত অনুমোদন জনায়। কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে এই কথা জনায়।
গ্রাম্য ভাৰতত সকলো পৰিয়াললৈ টেপৰ যোগেদি বিশুদ্ধ আৰু পর্যাপ্ত খোৱাপানী যোগান ধৰিবলৈ ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ শুভাৰম্ভণি কৰিছিল। মন্ত্ৰী বৈষ্ণৱে কয় যে এই ৮.৬৯ লাখ কোটিৰ ভিতৰত মুঠ কেন্দ্রীয় সাহায্য হ'ব ৩.৫৯ লাখ কোটি টকা।
২০১৯-২০ বর্ষত কেন্দ্রীয় সাহায্যৰ পৰিমাণ আছিল ২.০৮ লাখ কোটি টকা। এক বিজ্ঞপ্তি মতে, 'সুজলাম ভাৰত' নামৰ এক উমৈহতীয়া ৰাষ্ট্ৰীয় ডিজিটেল গাঁথনি গঠন কৰা হ'ব। ইয়াৰ অধীনত গাঁওবোৰক এক একক সুজল গাঁও/সেৱা পৰিসীমা পৰিচয় দিয়া হ'ব তথা উৎসৰ পৰা টেপলৈকে সম্পূর্ণ খোৱাপানী যোগান ব্যৱস্থা চিহ্নিত কৰা হ'ব।
স্বচ্ছতা নিশ্চিত কৰিবলৈ গাঁও পঞ্চায়ত আৰু গ্ৰাম্য জল তথা অনাময় সমিতিক ইয়াত জড়িত কৰোৱা হ'ব। গাঁও পঞ্চায়তে আনুষ্ঠানিকভাৱে কাম সম্পূৰ্ণ হোৱাৰ প্ৰমাণ-পত্ৰ দিব আৰু ৰাজ্য চৰকাৰে গাঁৱত পর্যাপ্তভাৱে কাম চলাই থকা তথা তদাৰকৰ ব্যৱস্থা কৰা বুলি নিশ্চিত হ'লে নিজকে 'হৰ ঘৰ জল' বুলি ঘোষণা কৰিব।