ছখন ৰাজ্যত এছ আই আৰৰ সময়সীমা বৃদ্ধি, নির্বাচন আয়োগৰ সংশোধিত সূচী

dainik janambhumi December 12, 2025

ডিজিটেল ডেস্ক : সংশ্লিষ্ট মুখ্য নির্বাচন বিষয়াসকলে অনুৰোধ কৰাৰ পাছত নিৰ্বাচন আয়োগে (ই চি) ছখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী (এছ আই আৰ) প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি কৰিছে। এটা বিবৃতিযোগে ই চিয়ে তামিলনাডু, গুজৰাট, মধ্য প্রদেশ, ছট্টিশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু উত্তৰ প্ৰদেশৰ বাবে এছ আই আৰৰ সংশোধিত সূচী জাৰি কৰে। 

উল্লেখযোগ্য যে বৃহস্পতিবাৰে এই ৰাজ্যকেইখনত ভোটাৰৰ মূল্যায়ন প্রক্রিয়া শেষ হোৱাৰ কথা আছিল আৰু খচৰা ভোটাৰ তালিকা ১৬ ডিচেম্বৰত প্ৰকাশ হোৱাৰ সূচী আছিল। নতুন সূচী অনুসৰি, তামিলনাডু আৰু গুজৰাটত এছ আই আৰ প্ৰক্ৰিয়া ১৪ ডিচেম্বৰলৈকে সম্প্ৰসাৰণ কৰা হৈছে আৰু খচৰা ভোটাৰ তালিকা ১৯ ডিচেম্বৰত প্ৰকাশ হ'ব। আনহাতে, মধ্য প্রদেশ, ছট্টিশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ভোটাৰৰ মূল্যায়ন প্রক্রিয়া ১৮ ডিচেম্বৰলৈকে সম্প্ৰসাৰণ কৰা হৈছে আৰু খচৰা ভোটাৰ তালিকা ২৩ ডিচেম্বৰত প্ৰকাশ পাব। 

ইফালে, উত্তৰ প্ৰদেশত এছ আই আৰ প্রক্রিয়া ২৬ ডিচেম্বৰলৈকে সম্প্ৰসাৰণ কৰা হৈছে আৰু খচৰা ভোটাৰ তালিকা ৩১ ডিচেম্বৰত প্ৰকাশ কৰা হ'ব বুলি ই চিয়ে বিবৃতিটোত কয়। আনহাতে, গোৱা, পুডুচেৰী, লাক্ষাদ্বীপ, ৰাজস্থান আৰু পশ্চিম বংগত বৃহস্পতিবাৰে ভোটাৰ মূল্যায়ন প্ৰক্ৰিয়াৰ অন্ত পৰে। এই ৰাজ্যকেইখনৰ খচৰা ভোটাৰ তালিকা ১৬ ডিচেম্বৰত প্ৰকাশ কৰা হ'ব বুলি নির্বাচন আয়োগৰ বিবৃতিত প্রকাশ পাইছে।

Share This