ডিজিটেল ডেস্ক : স্বাধীনতা দিৱসলৈ মাজত মাথোঁ দুটা দিন। শুকুৰবাৰে দেশজুৰি উদ্যাপন কৰা হ'ব ৭৯সংখ্যক স্বাধীনতা দিবস। অসমৰ বিভিন্ন ঠাইৰ লগতে ৰাজধানী মহানগৰ গুৱাহাটীতো স্বাধীনতা দিবস উদ্যাপনৰ ব্যাপক প্রস্তুতি চলাইছে। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্রীয়ভাৱে স্বাধীনতা দিবসৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। স্বাধীনতা দিৱসৰ প্রাকক্ষণত এতিয়া খানাপাৰাৰ পেৰেড গ্রাউণ্ডত আৰক্ষী, অর্ধসামৰিক বাহিনী, স্কাউট এণ্ড গাইড, এন চি চি, শিক্ষার্থীসকল পেৰেডৰ অন্তিম অনুশীলনত ব্যস্ত হৈ পৰিছে।
এইবাৰ পেৰেডত ২০টাৰো অধিক প্লাটুনে অংশগ্রহণ কৰাৰ লগতে মণিপুৰ আৰক্ষীয়েও পেৰেডত অংশ ল'ব বুলি জানিব পৰা গৈছে। ইফালে অসম সচিবালয়, অসম বিধানসভাৰ উপৰি প্ৰতিটো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়তো স্বাধীনতা দিবসৰ প্রস্তুতি পূর্ণ গতিত অব্যাহত আছে। উল্লেখযোগ্য যে স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটী মহানগৰৰ বিভিন্ন স্থান সুন্দৰভাৱে সজাই তোলা হৈছে। দীঘলীপুখুৰীৰ পাৰৰ যুদ্ধ স্মাৰক, নেহৰু পার্ক, শ্রদ্ধাঞ্জলি কানন, গান্ধী মণ্ডপ আদি কেতবোৰ স্থান বিশেষভাৱে সজাই তোলা দেখা গৈছে। মহানগৰৰ ব্যাৱসায়িক প্রতিষ্ঠান, শ্বপিং মল আদিও বাদ পৰি ৰোৱা নাই। সকলোবোৰ সুন্দৰকৈ সজাই তোলা হৈছে। ইফালে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে স্বাধীনতা দিৱস উপলক্ষে স্বচ্ছতা কার্যসূচীও গ্রহণ কৰিছে। ৰাজহুৱা অনুষ্ঠান, বীৰ পুৰুষৰ প্রতিমূর্তি আদি পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলা হৈছে। চৰকাৰ-প্ৰশাসন আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত স্বাধীনতাৰ সেনানীসকলৰ ত্যাগক সুঁৱৰি বিভিন্ন ঠাইত বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। লক্ষণীয়ভাৱে স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰাজ্যজুৰি কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যবস্থা। মহানগৰতো মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তুলিছে। যিকোনো কুটাঘাতমূলক কার্যকলাপ প্রতিৰোধ কৰিবলৈ সম্পূর্ণৰূপে সাজু হৈ পৰিছে মহানগৰ আৰক্ষী-প্রশাসন। মহানগৰৰ পূব আৰক্ষী জিলা, পশ্চিম আৰক্ষী জিলা আৰু মধ্য আৰক্ষী জিলাৰ অন্তর্গত আটাইকেইখন থানা এলেকাত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে দিনে-বাতিয়ে নাকা তালাচীৰ ব্যৱস্থা কৰিছে।
মহানগৰৰ স্পৰ্শকাতৰ, পাহাৰীয়া আৰু বস্তি অঞ্চলসমূহত আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে। খানাপাৰা আৰু জালুকবাৰীত আৰক্ষীয়ে দিনে-নিশাই মহানগৰত প্ৰৱেশ কৰা যান-বাহনৰ ওপৰত চকু ৰাখিছে। তদুপৰি নদী আৰক্ষীয়েও টহলৰ ব্যৱস্থা কৰিছে। নদী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে নজৰ ৰখাৰ লগতে নাৱেৰে যাতে কোনো দুষ্কৃতিকাৰী গুৱাহাটীত প্রৱেশ কৰিব নোৱাৰে তাৰ প্রতি নজৰ ৰাখিছে। স্বাধীনতা দিৱস উপলক্ষে পল্টনবজাৰ, কামাখ্যা, নাৰেংগী ষ্টেচনত বহিঃৰাজ্যৰ পৰা অহা যাত্রীবাহী ৰে'লসমূহতো আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলোৱা পৰিলক্ষিত হৈছে।