ডিজিটেল ডেস্ক : 'আত্মনিৰ্ভৰ', 'আত্মৰক্ষা', 'আত্মবিশ্বাস'ৰ দৰে তিনিটা ধাৰণাৰে উদ্বুদ্ধ হৈ সাম্প্রতিক বিশ্বত ভাৰতে ইয়াৰ দৃষ্টিভংগী প্রকাশ কৰি আহিছে। বিদেশ মন্ত্রী এছ জয়শংকৰে এইদৰে মন্তব্য কৰি কয় যে ভাৰতে সদায় ইয়াৰ পচন্দৰ স্বাধীনতা বৰ্তাই ৰাখিব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮০ সংখ্যক অধিৱেশনত শনিবাৰে ভাষণ দি বিদেশ মন্ত্রীজনে প্রথমতে বিশ্বৰ নেতাসকলক ভাৰতৰ জনসাধাৰণৰ হৈ নমস্কাৰ দি অভিবাদন জনায়।
ভাষণত জয়শংকৰে কয় যে সাম্প্রতিক বিশ্বত তিনিটা ধাৰণাৰে ভাৰতে ইয়াৰ দৃষ্টিভংগী প্রকাশ কৰি আহিছে। কেন্দ্রীয় মন্ত্রীজনে কয় যে ভাৰতে ইয়াৰ শক্তি সক্ষমতা গঢ় দিবলৈ নিজ দেশৰ প্রতিভাক বিকাশ কৰি আত্মনিৰ্ভৰ হৈছে। বিভিন্ন সামগ্ৰী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত, মহাকাশ কাৰ্যসূচীত, ঔষধ উৎপাদনত বা ডিজিটেল প্রয়োগীকৰণত ভাৰত এতিয়া আত্মনিৰ্ভৰ হৈছে। থলুৱাভাৱে উদ্ভাৱন কবি, ডিজাইন আৰু নিৰ্মাণ কৰি ভাবতে ইয়াৰ উৎপাদিত সামগ্ৰীৰে বিশ্বক উপকৃত কৰিছে বুলি মন্ত্ৰীজনে মন্তব্য কৰে।
'আত্মৰক্ষা'ৰ বিষয়ত মন্তব্য কৰি তেওঁ কয় যে দেশতে হওক বা বিদেশতে হওক ভাৰতে ইয়াৰ জনসাধাৰণক সুৰক্ষা আৰু নিপাৰত্তা দিবলৈ বদ্ধপৰিকৰ। সন্ত্রাসবাদৰ ক্ষেত্ৰত শূন্য সহনশীলতা, দেশৰ সীমান্ত সুদৃঢ় প্রতিৰক্ষাই ভাৰতৰ 'আত্মৰক্ষা'ৰ ধাৰণাক স্পষ্ট কৰি তুলিছে বুলি তেওঁ কয়। 'আত্মবিশ্বাস' ধাৰণাৰে ভাৰতে প্রতিপন্ন কৰিব বিচাৰে যে ভাৰত এখন সভ্য দেশ। বিশ্বৰ সবাতোকৈ জনবহুল দেশ হোৱা সত্ত্বেও ভাৰতৰ অৰ্থনীতি দ্রুতগতিত বৃদ্ধি হৈছে। জয়শংকৰে কয় যে ভাৰতে সদায় ইয়াৰ পচন্দৰ স্বাধীনতা বৰ্তাই ৰাখিব আৰু বিশ্বৰ দক্ষিণ প্ৰান্তৰৰ কণ্ঠ হিচাপে থাকিব।