ভাৰতৰ ছবিক বিকৃত কৰিছেঃ বিদেশ মন্ত্ৰ্যালয়ৰ সমালোচনা

dainik janambhumi March 18, 2026

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক (আৰ এছ এছ) আমেৰিকাত নিষিদ্ধ কৰাৰ পৰামৰ্শ জনাইছে দেশখনৰ এখন উচ্চস্তৰীয় আয়োগে। 'ইউ এছ কমিছন অন ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ ফ্রীডম' (ইউ এছ চি আই আৰ এফ) নামৰ মার্কিন আয়োগখনে আৰ এছ এছে নাগৰিকৰ ধৰ্মীয় অধিকাৰ খৰ্ব কৰিছে বুলি প্ৰকাশ কৰি আমেৰিকাত হিন্দুত্ববাদী সংগঠনটো নিষিদ্ধ কৰাত পৰামৰ্শ জনায়। আয়োগে ইয়াৰ বার্ষিক প্রতিবেদনত উল্লেখ কৰে যে ভাৰত এক নির্দিষ্ট বিষয়তহে চিন্তা কৰা দেশ। 

লগতে মার্কিন চৰকাৰক ভাৰতৰে অস্ত্র-শস্ত্ৰ বিক্ৰী আৰু ব্যৱসায়ৰ বিষয়টো ধর্মীয় অধিকাৰৰ সৈতে সংযোগ কৰাৰ বাবেও আহ্বান জনায়। আয়োগে লগতে ভাৰতৰ চোৰাংচোৱা সংস্থা 'ৰ' (ৰিছাৰ্চ এণ্ড এনালাইছিছ উইং)কো দেশখনত নিষিদ্ধ কৰাত পৰামৰ্শ জনায়। মার্কিন আয়োগখনক উভতি ধৰিছে কেন্দ্ৰীয় বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে। 

মুখপাত্রজনে কয় যে বস্তুনিষ্ঠ তথ্যৰ বিপৰীতে কিছুমান সন্দেহজনক উৎস আৰু আদৰ্শক বিকৃত কৰি চলোৱা অপপ্ৰচাৰৰ ভিত্তিত আয়োগে আৰ এছ এছ আৰু 'ৰ'ৰ বিৰুদ্ধে এনে পৰামৰ্শ জনাইছে। পক্ষপাতগ্রস্ত আৰু ভুৱা তথ্যৰ ভিত্তিত ভাৰতৰ এখন বিকৃত প্রতিচ্ছবি দাঙি ধৰা হৈছে বুলি জয়ছোৱালে অভিযোগ কৰে।

Share This