নৌ, স্থল, বায়ু সেনাৰ মাজৰ অসাধাৰণ সহযোগিতা, একত্ৰীকৰণৰ সাক্ষী, অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য

dainik janambhumi October 24, 2025

ডিজিটেল ডেস্ক : অপাৰেচন সেন্দুৰ দেশৰ নৌ, স্থল আৰু বায়ু এই তিনিটা সেনাৰ সেৱাৰ মাজৰ অসাধাৰণ সহযোগিতা আৰু একত্ৰীকৰণৰ সাক্ষী হৈছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে। পৰিৱৰ্তিত বিশ্ব ব্যৱস্থা আৰু যুদ্ধৰ বিকশিত পদ্ধতিৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সমন্বিত আৰু প্ৰতিৰক্ষা কৌশল উদ্ভাৱন কৰাৰ চৰকাৰৰ সংকল্পকো অপাৰেশ্যন সেন্দূৰে পুনৰ দৃঢ় কৰিছে বুলি তেওঁ উল্লেখ কৰে। 

'Civil mili-tary fusion as a metric of national power and comprehensive secutity' শীর্ষক লেফটেনেন্ট জেনেৰেল ৰাজ শুক্লাৰ দ্বাৰা ৰচিত গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত ভাষণ দি সিঙে নতুন দিল্লীত বুধবাৰে এইদৰে কয়। 

মোদী চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে দেশৰ কৌশলগত স্বায়ত্তশাসন নিশ্চিত কৰাৰ বাবে ভৱিষ্যতৰ বাবে সাজু সশস্ত্র বাহিনী গঢ়ি তোলাৰ বাবে কেইবাটাও সাহসী আৰু নিৰ্ণায়ক সংস্কাৰ হাতত লোৱা হৈছে বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে অসামৰিক-সামৰিক সংযোজন তেতিয়াহে সম্ভৱ যেতিয়া দেশৰ অসামৰিক উদ্যোগ, ব্যক্তিগত খণ্ড, শিক্ষাবিদ আৰু প্ৰতিৰক্ষা খণ্ডৰ মাজত এক উমৈহতীয়া ৰাষ্ট্ৰীয় উদ্দেশ্যৰ বাবে সমন্বয় স্থাপন কৰা হ'ব।

Share This