ডিজিটেল ডেস্কঃ ফকিৰগঞ্জৰ এটা ব্যাস্ত পথৰ দুৰৱস্থা। দুৰৱস্থাৰ বাবেই পথৰ দাঁতিত প্ৰসৱ কৰোৱা হ'ল এগৰাকী গৰ্ভৱতী মহিলাক ।
পথৰ দুৰৱস্থাই উদঙাইছে ফকিৰগঞ্জ অঞ্চলৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ । ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়লৈ যোৱাৰ একমাত্ৰ পথৰ এনে অৱস্থা।
নচলে গাড়ী, নচলে ভৰি । এবছৰ পূৰ্বে বাৰিষা বাঢ়নী পানীয়ে বিনষ্ট কৰিছিল ৰাস্তাটো । তাৰ পাছতে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে শুভাৰম্ভ কৰিছিল পথৰ মাজত এটা কালভাৰ্ট। কিন্তু এটা বছৰতো সম্পূৰ্ণ কৰিব নোৱাৰিলে নিৰ্মাণকাৰ্য। এতিয়া পথ নিৰ্মাণৰ লেহেম গতিক লৈ প্ৰশ্ন ভুক্তভোগী ৰাইজৰ।
উৎস: প্ৰাগ নিউজ ডিজিটেল