৯৯% ইৰানীৰ ইণ্টাৰনেট সংযোগ কর্তন, আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ ভুৱা বাতৰি প্ৰচা

dainik janambhumi March 20, 2026

ডিজিটেল ডেস্ক : বোমাবর্ষণ আৰু আক্ৰমণৰ আশংকা বৃদ্ধি পোৱাৰ সময়তে ইৰানবাসীলৈ আন এক সমস্যা আহিছে। আমেৰিকা ইজৰাইলৰ আক্ৰমণৰ ভুৱা বাতৰি প্ৰচাৰ হোৱাটো ৰোধ কৰিবলৈ ইৰান চৰকাৰে দেশখনৰ ৯৯% নাগৰিকৰ ইণ্টাৰনেট সংযোগ কর্তন কৰিছে। 

দেশখনৰ প্ৰায় সকলো নাগৰিকেই এতিয়া বহিঃবিশ্বৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছে। আমেৰিকা-ইজৰাইলৰে ইৰানৰ যুদ্ধই ২০ দিন অতিক্ৰম কৰাৰ পাছত দেশখনত নাগৰিকৰ সুৰক্ষা, তথ্যৰ প্ৰচাৰত নিয়ন্ত্ৰণ অনাৰ বাবে এই পদক্ষেপ লৈছে চৰকাৰে। 

একপ্ৰকাৰ দেশখন ইণ্টাৰনেট বিশ্বৰ পৰা 'অফলাইন' হৈ আছে। উল্লেখযোগ্য যোৱা
২৮ ফেব্ৰুৱাৰীত ইৰানত আমেৰিকা-ইজৰাইলে আক্ৰমণ কৰাৰ পাছতেই দেশখনৰ প্ৰায় ৯৯ শতাংশ লোকৰ ইণ্টাৰনেট সংযোগ কৰ্তন কৰা হৈছে।

Share This