ডিজিটেল ডেস্ক: শাস্ত্রীয় সংগীতৰ প্রসিদ্ধ গুৰু, অসম চৰকাৰৰ শিল্পী পেন্সন আৰু সংগীত নাটক অকাডেমি সন্মানপ্রাপ্ত আন্তঃ-ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বেহেলাবাদক মিনতি খাউণ্ড আৰু নাই। নৱবৰ্ষ আৰু ভোগালী বিহুৰ উখল-মাখলৰ মাজতে ৰাজ্যবাসীক শোকৰ সাগৰত পেলাই কালি সন্ধিয়া প্রায় ৬.৪০ বজাত প্রসিদ্ধ শিল্পীগৰাকী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে।
মগজুৰ অভ্যন্তৰীণ ৰক্তক্ষৰণৰ লগতে হৃদৰোগৰ বাবে বিগত প্রায় ৪০ দিন ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল। প্রণিধানযোগ্য যে ২০২২ চনৰ পৰা তেওঁ হৃদৰোগত আক্ৰান্ত হৈ আছিল। তেওঁৰ বয়স ৮৫ বছৰ হৈছিল আৰু পুত্ৰ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা অসম লোকসেৱা আয়োগৰ সদস্য পবিত্ৰ ৰাম খাউণ্ড আৰু কন্যা বিশিষ্ট বেহেলাবাদক সুনীতা খাউণ্ড ভূঞাৰ লগতে জোঁৱাই, নাতিনী, বহুসংখ্যক আত্মীয়-স্বজন আৰু অসংখ্য শুভাকাংক্ষী-অনুৰাগীক এৰি থৈ যায়। তেওঁৰ মৃত্যুত ৰাজ্যত শোকৰ ছাঁ পৰিছে। তেওঁৰ নশ্বৰ দেহ কালি চিকিৎসালয়তে ৰখাৰ পাছত আজি নৱগ্রহ শ্মশানত শেষকৃত্য সম্পন্ন কৰে ।
উল্লেখযোগ্য যে ১৯৪০ চনত যোৰহাটৰ এটা সাংস্কৃতিক পৰিয়ালত তেওঁ জন্মগ্রহণ কৰিছিল। মাতৃৰ ফালৰ ককাক বিশ্ব শৰ্মাৰ হাতত ধৰি মাত্র ১০ বছৰ বয়সতে সংগীতৰ ক্ষেত্ৰখনত ভৰি দিয়া মিনতি খাউণ্ডে যোৰহাটৰ প্ৰয়াত দর্পনাথ শর্মা সংগীত বিদ্যালয়ত গুৰু ইন্দ্ৰেশ্বৰ শৰ্মাৰ ওচৰত বেহেলাৰ প্ৰাথমিক শিক্ষা গ্রহণ কৰে। তেওঁক প্রথমখন বেহেলা উপহাৰ দিছিল তেওঁৰ আইতাকে। লক্ষণীয় যে তেওঁৰ জ্যেষ্ঠ ভগ্নী প্রণতি খাউণ্ড কণ্ঠশিল্পী আছিল আৰু জ্যেষ্ঠ ভাতৃ তবলাবাদক আছিল। মিনতি খাউণ্ডৰ ককাক বিশ্ব শর্মা অল আছাম মিউজিক কনফাৰেন্সৰ যোৰহাট শাখাৰ সভাপতি আছিল। স্বাভাৱিকতে তেওঁৰ ঘৰখনত সংগীতৰ পৰিৱেশ পূৰ্ণ পৰ্যায়ত আছিল। ১৯৭২ চনত যোৰহাটত অল আছাম মিউজিক কনফাৰেন্সত তেওঁ প্ৰথমবাৰৰ বাবে মঞ্চত বেহেলাবাদন প্রদর্শন কৰে। সেই অনুষ্ঠানতে তেওঁৰ বেহেলাবাদনত দৃষ্টি পৰে দেশৰ প্ৰখ্যাত বেহেলাবাদক পণ্ডিত ভিজি জগৰ। লগে লগে তেওঁক পণ্ডিত জগে বেহেলাবাদনৰ শিক্ষা প্রদান কৰিবলৈ প্ৰস্তাৱ দিয়ে। তাৰ পাছৰ পৰা আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল শিল্পী মিনতি খাউণ্ডৰ। প্ৰায় সাতটা দশক ধৰি তেওঁ সংগীতৰ ক্ষেত্ৰখনত দেশৰ অন্যতম উজ্জ্বল নক্ষত্র হিচাপে জিলিকি থাকিবলৈ সক্ষম হয়।
বেহেলাৰ শাস্ত্রীয় সংগীতৰ পাছত তেওঁ পৰম্পৰাগত 'গুৰুশিষ্য পৰম্পৰা', 'গায়কী অংগ', 'টালা' আদি অন্য বিভিন্ন শিক্ষাও গ্রহণ কৰে। লক্ষণীয়ভাৱে তেওঁ কলকাতাত সংগীতৰ শিক্ষা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে প্রখ্যাত শিল্পী পণ্ডিত এ টি কাননৰ সৈতে বাদ্যসংগতো কৰিছিল। দেশৰ প্ৰখ্যাত সৰোদবাদক পণ্ডিত বুদ্ধদের দাসগুপ্তৰ ওচৰতো শিক্ষাগ্রহণ কৰিছিল। ১৯৭৮ চনত কলকাতাৰ কলামন্দিৰত তেওঁ পেছাগত শিল্পীৰ জীৱন আৰম্ভ কৰে। সাংগীতিক জীৱনৰ আৰম্ভণিতেই কলকাতাৰ পৰা আৰম্ভ কৰি বানাৰস, বাৰদ্বান, কটক, ভূৱনেশ্বৰ, টাটানগৰ, মুম্বাই, দিল্লী, এলাহাবাদ, গুৱাহাটী, গোৱা আদি দেশৰ বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰি খ্যাতি অর্জন কৰিবলৈ সক্ষম হয়। নিজৰ সাত দশকজোৰা সাংগীতিক জীৱনত দেশ-বিদেশৰ অসংখ্য স্থানত সংগীত পৰিৱেশন কৰে। লক্ষণীয় যে কবীন্দ্ৰ ৰাম খাউণ্ডৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা আৰু পৰৱৰ্তী পৰ্যায়ত দুটি সন্তানৰ মাতৃ হোৱাৰ বাবে মাজতে কিছুদিন সংগীতৰ ক্ষেত্ৰখনৰ পৰা তেওঁ আঁতৰি আছিল। কিন্তু ১৯৭২ চনত তেওঁ নিজৰ প্ৰিয় ক্ষেত্ৰখনলৈ প্ৰত্যাৱৰ্তন কৰি জীৱনৰ বিয়লি বেলাপর্যন্ত সাংগীতিক যাত্রা অব্যাহত ৰাখে। মুখ্যতঃ হিন্দুস্তানী শাস্ত্রীয় সংগীতৰ চৰ্চা আৰু পৰিৱেশন কৰা প্ৰয়াত মিনতি খাউণ্ড সংগীতৰ বিশাৰদো। তেওঁ শাস্ত্রীয় সংগীতৰ গুৰু হিচাপেও পৰিচিত। তেওঁ আকাশবাণীৰ বি-হাই গ্রেড শিল্পীও আছিল।
প্রণিধানযোগ্য যে তেওঁৰ একমাত্র কন্যা সুনীতা খাউণ্ড ভূঞাও আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বেহেলাবাদক হিচাপে পৰিচিত। তেওঁৰ নাতিনী (সুনীতা খাউণ্ডৰ কন্যা) পঞ্চমীও এগৰাকী বেহেলাবাদক। সাত দশকজোৰা সাংগীতিক যাত্রাত তেওঁ অসম চৰকাৰৰ শিল্পী পেন্সনকে ধৰি বহুসংখ্যক বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত ২০২২ চনত শাস্ত্রীয় সংগীতৰ বাবে সংগীত নাটক অকাদেমিৰ অমৃত বঁটা অন্যতম। ২০১৯ চনত তেওঁক প্রাগ প্ৰেৰণা সন্মানেৰেও সন্মানিত কৰা হৈছিল। ১৯৯০ চনত কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰে তেওঁক সন্মানীয় ইণ্ডিয়ান কাউঞ্চিল ফৰ কালচাৰেল ৰিলেশ্যনৰ শিল্পী হিচাপেও অন্তর্ভুক্ত কৰিছিল।
তেওঁৰ মৃত্যুত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্রকাশ কৰিছে। আনহাতে, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি বিভিন্ন ব্যক্তি আৰু দল-সংগঠনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।