শান্তি চুক্তিত ভার্চুৱেলী স্বাক্ষৰ আমেৰিকা, ইৰানৰ শীৰ্ষ নেতাৰ

dainik janambhumi June 17, 2026

ডিজিটেল ডেস্ক : ইৰান আৰু আমেৰিকাৰ মাজত যোৱা চাৰি মাহে চলি থকা চৰম উত্তেজনা তথা যুদ্ধৰ অন্ত পেলোৱাৰ দিশত সোমবাৰে নিশা এক বৃহৎ তথা ঐতিহাসিক সফলতা লাভ কৰা হয়। যুদ্ধৰ অন্ত পেলোৱাৰ বাবে কালি নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প, উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু ইৰানৰ সংসদৰ অধ্যক্ষ মহম্মদ বাগেৰ গালিবাফে ভার্চুৱেলী এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিত ভার্চুৱেলী সোমবাৰে স্বাক্ষৰ কৰাৰ পাছত শুকুৰবাৰে জেনেভাত দুয়োপক্ষই আনুষ্ঠানিকভাৱে এই চুক্তিত স্বাক্ষৰ কৰিব।

আমেৰিকা আৰু ইৰানৰ বিষয়াসকলে এই বুজাবুজিৰ চুক্তিক যুদ্ধ আৰম্ভ হোৱাৰ পাছত এতিয়ালৈকে আটাইতকৈ ডাঙৰ সফলতা বুলি অভিহিত কৰে। আমেৰিকাৰ বিষয়াসকলে সোমবাৰে নিশা কয় যে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প, উপ-ৰাষ্ট্ৰপতি ভেন্স আৰু ইৰানী সংসদৰ অধ্যক্ষ গালিবাফে আগতেই এই চুক্তিত স্বাক্ষৰ কৰে। এই শান্তি চুক্তিক দুয়োপক্ষৰ মাজৰ শান্তি চুক্তিৰ ভেটি বুলি কোৱা হৈছে। আমেৰিকাৰ বিষয়াসকলে লগতে কয় যে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত এতিয়াও আৰু অধিক আলোচনাৰ প্ৰয়োজন। তেওঁলোকে কয় যে বুজাবুজিৰ চুক্তি উত্তেজনা হ্রাস কৰাৰ দিশত এক ভেটিৰ দৰে হ'ব আৰু কেইবাটাও এতিয়ালৈকে সমাধান নোলোৱা বিষয়ক লৈ আলোচনাৰ ভেটি স্থাপন কৰিব। এই চুক্তিৰ আটাইতকৈ তাৎক্ষণিক তথা গুৰুত্বপূৰ্ণ দিশটো হ'ল বিশ্বৰ বাবে হৰমুজ প্রণালী মুকলি কৰি দিয়াটো। ইয়াৰ ফলত সকলোধৰণৰ জাহাজে হৰমুজ প্রণালীৰে কোনোধৰণৰ বাধা নোহোৱাকৈ চলাচল কৰিব পাৰিব। 

আমেৰিকাৰ মতে এই সাগৰীয় পথেৰে জাহাজৰ চলাচল ইতিমধ্যে বৃদ্ধি পাইছে, কিন্তু পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক হ'বলৈ কেইসপ্তাহমান সময়ৰ প্ৰয়োজন হ'ব। মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে তেওঁৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল ইৰানে ভৱিষ্যতে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ আহৰণ নকৰাটো। ট্রাম্পে কয়, 'চুক্তিত স্পষ্টভাৱে লিখা আছে যে ইৰানে কেতিয়াও পাৰমাণৱিক অস্ত্র নির্মাণ নকৰে, ক্ৰয় নকৰে আৰু এই অস্ত্র আহৰণ কৰাৰ চেষ্টা নকৰে। যদি ইৰানে পাৰমাণৱিক অস্ত্র আহৰণৰ চেষ্টা কৰে তেতিয়া অতি গুৰুতৰ পৰিণামৰ সন্মুখীন হ'ব। 'ট্রাম্পে লগতে কয় যে তেওঁৰ লক্ষ্য ইৰানৰ ক্ষমতা পৰিৱৰ্তন নহয়। তেওঁৰ মতে, বৰ্তমানৰ ইৰানী নেতৃত্ব ব্যাৱহাৰিক, শক্তিশালী আৰু জ্ঞানী আৰু নিজৰ দেশৰ স্বাৰ্থৰ হকে কাম কৰিবলৈ বিচাৰে। ট্রাম্পে কয়, 'মই ক্ষমতাৰ পৰিৱৰ্তনত বিশ্বাস নকৰোঁ। ইৰানে যাতে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ লাভ কৰিব নোৱাৰে সেইটোতহে মই অগ্ৰাধিকাৰ দিছোঁ। ইফালে ইৰানক আমেৰিকাই ২৮ লাখ কোটি টকা দিয়াৰ প্রতিশ্রুতি চুক্তিত উল্লেখ থকা বুলি প্রকাশ পোৱা বাতৰিক ট্রাম্পে ভুৱা বুলি কয়। ট্রাম্পে কয় যে বিৰোধী ডেম'ক্রেটিক পাৰ্টিৰ তৰফৰ পৰা এই ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে। 

উল্লেখযোগ্য যে নিউয়র্ক টাইম্মত প্রকাশ পোৱা এটা বাতৰিত কোৱা হৈছে যে আমেৰিকাই ইৰানত অর্থনৈতিক সাহায্য হিচাপে ২৮ লাখ কোটি টকাৰ পেকেজ দিব। এই বাতৰিক অগ্রাহ্য কৰি ট্রাম্পে কয়, 'আমি ইৰানত কোনোধৰণৰ বিনিয়োগ নকৰোঁ, কিন্তু ভৱিষ্যতে দেশখনলৈ গৈ তাত বিনিয়োগ কৰাৰ অধিকাৰ আছে।' ইফালে লেবাননৰ প্ৰসংগত ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহুক অধিক দায়িত্বশীল হোৱাৰ আহ্বান জনাইছে ট্ৰাম্পে। তেওঁ কয়, 'মইনাথাকিলে ইজৰাইলো নাথাকে। মই দেশখনৰ বাবে যিমানখিনি কৰিছোঁ আন কোনো মার্কিন ৰাষ্ট্ৰপতিয়ে সিমানখিনি কৰা নাই।' 

উল্লেখযোগ্য যে ইজৰাইলে এই চুক্তিক অগ্রাহ্য কৰে আৰু কয় যে ৰাষ্ট্ৰপতি ট্রাম্পে এই চুক্তি মানি চলাৰ বাবে ইজৰাইলক বাধ্য কৰিব নোৱাৰে। ইয়াৰ লগতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে দক্ষিণ লেবাননৰ পৰা ইজৰাইলী সেনা প্রত্যাহাৰ নকৰে বুলিও ঘোষণা কৰে। ইফালে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে আমেৰিকাৰ সৈতে কৰা চুক্তিক ইৰানৰ জয় বুলি অভিহিত কৰে।

Share This