ডিজিটেল ডেস্ক : যুদ্ধবিধ্বস্ত ইৰানে বিশ্বকাপ ফুটবলত নিউজিলেণ্ডৰ বিৰুদ্ধে চমকপ্রদ প্রদর্শন দাঙি ধৰি ড্ৰৰে খেল সামৰে। পশ্চিম এছিয়াৰ যুদ্ধই বিশ্বকাপত ইৰানৰ অংশগ্রহণক লৈ ফুটবলপ্রেমীৰ মাজত আগ্রহ বৃদ্ধি পাইছিল। আমেৰিকা আৰু ইজৰাইলৰ যৌথ সামৰিক আক্ৰমণৰ বাবে ইৰানে বিশ্বকাপলৈ সঠিকভাৱে প্রস্তুতি চলাব পৰা নাছিল। তৎসত্ত্বেও সোমবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্ব ফুটবলৰ মহাৰণখনত নিজৰ প্ৰথমখন খেলত এছিয়াৰ অন্যতম শ্রেষ্ঠ দলটোৱে শক্তিশালী প্রদর্শন দাঙি ধৰে।
মেচখনত দুবাৰ পিছপৰিও নিউজিলেণ্ডক ২-২ ব্যৱধানত ড্র খেলিবলৈ বাধ্য কৰোৱায় ইৰানে। খেলখনৰ আৰম্ভণিতে নিউজিলেণ্ডে অগ্রগতি লাভ কৰে। ৭ মিনিটত এলিজা জাষ্টে গ'লটো দিয়ে। ৩২ মিনিটত ৰামিন ৰেজাইনে সমতা স্থাপন কৰে। পিছপৰি থকাৰ পাছতো ইৰানৰ দলটোক নিৰাশ হোৱা যেন লগা নাছিল। সমানে সমানে নিউজিলেণ্ডৰ ওপৰত চাপ সৃষ্টি কৰিছিল ইৰানে। দ্বিতীয়ার্ধত আৰম্ভণিৰ পৰাই নিউজিলেণ্ডে আক্ৰমণৰ চোক বৃদ্ধি কৰে।
ইয়াৰ ফলত ইৰানৰ ৰক্ষণ বিভাগ কিছু চাপত পৰে। ইয়াৰ সুযোগ লৈ ৫৫ মিনিটত জাষ্টে নিজৰ দ্বিতীয়টো গ'লেৰে নিউজিলেণ্ডক দ্বিতীয়বাৰলৈ আগুৱাই নিয়ে। ইৰানে তেনেদৰেই দ্বিতীয়বাৰলৈ পিছপৰিও হাৰ মনা নাছিল। ইয়াৰ ১০ মিনিটৰ ভিতৰতে ইৰানে সমতা স্থাপন কৰে। এক সুন্দৰ বুজাবুজি আক্ৰমণৰ অন্তত ৬৪ মিনিটত দলৰ হৈ দ্বিতীয়টো গ'ল দিয়ে মহম্মদ মোহেব্বিয়ে।