কৃষকৰ প্ৰতিবাদত উত্তাল পঞ্জাব

dainik janambhumi December 09, 2025

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ বিদ্যুৎ (সংশোধনী) বিধেয়ক, ২০২৫ৰ খচৰা আৰু বীজ বিধেয়ক ২০২৫ৰ খচৰা বাতিলৰ দাবীত কালি কৃষকৰ প্রতিবাদত উত্তাল হৈ পৰিল সমগ্ৰ পঞ্জাব। সংযুক্ত কিষাণ মর্চা (এছ কে এম)ৰ উদ্যোগত ৰাজ্যজুৰি হোৱা প্রতিবাদী কাৰ্যসূচীত ৰাজ্যিক বিদ্যুৎ কৰ্মচাৰী সংস্থায়ো অংশ লয়। প্রতিবাদী কাৰ্যসূচীত প্রতিবাদী কৃষকসকলে খচৰা বিধেয়ক দুখনৰ প্রতিলিপিও দাহ কৰে। হোছিয়াৰপুৰত মুকেৰিয়ানৰ মহাৰাণা প্রতাপ চক, দাছুয়া আদি বিভিন্ন স্থানত থকা পঞ্জাব ৰাজ্যিক বিদ্যুৎ নিগম লিমিটেডৰ কাৰ্যালয়ৰ সন্মুখত প্রতিবাদী ৰাইজে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। 

ইফালে, গঢ়শংকৰত প্ৰতিবাদকাৰীসকলে গান্ধী পাৰ্কৰ পৰা পি এছ পি চি এলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়লৈকে প্রতিবাদী সমদল উলিয়ায়। কীর্তি কিষাণ সংস্থা, কিষাণ কমিটী ডোৱাবা, জামহোৰি কিষাণ সভা আদিৰ নেতাসকলে বিভিন্ন স্থানৰ প্ৰতিবাদী কাৰ্যসূচীসমূহৰ নেতৃত্ব দিয়ে। 

প্ৰতিবাদী জনতাৰ সন্মুখত দিয়া ভাষণত কৃষক নেতাসকলে বিদ্যুৎ (সংশোধনী) বিধেয়কখনক কৃষক বিৰোধী আৰু জনতা বিৰোধী আখ্যা দিয়ে। এই বিধেয়কখনে বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণত সহায় কৰাৰ লগতে উপভোক্তাৰ ওপৰত অধিক হেঁচা দিব বুলিও উল্লেখ কৰে। তদুপৰি, তেওঁলোকে বীজ বিধেয়কখনৰো বিৰোধিতা কৰে আৰু ইয়াক কৃষক বিৰোধী আখ্যা দিয়ে। ইফালে, মোহালীতো পি এছ পি চি এলৰ মহকুমা কাৰ্যালয়ৰ সন্মুখত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Share This