নীটত বিফল হৈ পুত্ৰই আত্মহননৰ পথ লোৱাৰ পিছতে  মৃত্যু শোকদগ্ধ পিতৃৰো!

Kakali Deka August 14, 2023

ডিজিটেল ডেস্কঃ চিকিৎসা বিজ্ঞানৰ  প্ৰৱেশ (এনইইটি) পৰীক্ষাত অনুতীৰ্ণ হোৱাৰ পিছত এজন ছাত্ৰই কালি নিজৰ ঘৰতে  আত্মহত্যা কৰিছিল।আজি তেওঁৰ  পিতৃৰ  মৃতদেহো এটা বন্ধ কোঠাত উদ্ধাৰ হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে। ঘটনাটো চেন্নাই  চহৰত সংঘটিত হৈছে । আৰক্ষীয়ে জনোৱা অনুসৰি, পিতৃয়ে তেওঁৰ পুত্ৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছিল। পুত্ৰৰ মৃত্যুৰ শোক সহিব নোৱাৰি লোকজনেও আত্মহননৰ পন্থা বাছি লয়।  লোক জনে ডিঙিত ফাঁচ লগাই  আত্মহত্যা কৰে।
উল্লেখ্য জগদীশ্বৰনে উচ্চতৰ মাধ্যমিকত ৪২৭ নম্বৰ লাভ কৰিছিল। তেওঁ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাৰ  বাবে সাজু হৈ আছিল। অৱশ্যে, তেওঁ দ্বিতীয়বাৰৰ বাবেও  নীটত সফল হ'ব নোৱাৰিলে। পিতৃ  চেলভাচেকাৰে তেওঁৰ পুত্ৰক ফোনত পোৱা নাছিল। ইয়াৰ পিছতে  পুত্ৰৰ মৃতদেহ ঘৰৰ এটা কোঠাত পোৱা গৈছিল। পুত্ৰৰ আত্মহননৰ পিছদিনা পুৱাই  তামিলনাডু আৰক্ষীয়ে চেলভাচেকাৰৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।
পুত্ৰ আৰু পিতৃয়ে একেৰাহে দুদিনৰ ভিতৰতে  আত্মহত্যা কৰাৰ কথাই দক্ষিণৰ ৰাজ্যখনত শোকৰ ছাঁ পেলাইছে।   । তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে ঘটনাটোত শোক প্ৰকাশ কৰিছে।   শিক্ষাৰ্থীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে   "আত্মহত্যাৰ বিষয়ে চিন্তা নকৰিবা,  আত্মবিশ্বাসী হ'বলৈহে চেষ্টা কৰা আৰু জীৱন উপভোগ কৰিবলৈ চেষ্টা কৰা।"

Share This