" দেউতা, মই জীয়াই আছোঁ", মৃতদেহ সৎকাৰ কৰাৰ এদিন পিছতে পিতৃলৈ আহিল " মৃত " কন্যাৰ ফোন!

Kakali Deka August 21, 2023

ডিজিটেল ডেস্কঃ ঘৰৰ মানুহে ভাবিছিল ছোৱালীজনীৰ মৃত্যু হৈছে। সেয়ে উদ্ধাৰ হোৱা মৃতদেহ পৰিয়ালৰ লোকে সৎকাৰো কৰিলে। কিন্তু মৃতদেহ সৎকাৰৰ এদিন পিছতে মৃত বুলি ভবা ছোৱালীজনীয়ে নিজৰ পিতৃলৈ ফোন কৰাৰ ঘটনাই তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে। ঘটনাটো ঘটিছে বিহাৰৰ  পূৰ্ণিয়াত ।পূৰ্ণিয়াৰ  এজনী ছোৱালীৱে তেওঁৰ পিতৃক ফোন কৰি জীয়াই থকাৰ খবৰ দিছে।   অথচ তেওঁৰ পৰিয়ালৰ সদস্যসকলে আগদিনাই ছোৱালীজনীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন  কৰিছিল। ছোৱালীজনীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ এদিন পিছতে ছোৱালীজনীৰ পিতৃয়ে  এটা ফোন কল পাইছিল। তাত ছোৱালী জনীয়ে কৈছিল-দেউতা ,মই জীয়াই আছোঁ। আপোনালোকে  অন্ত্যেষ্টিক্ৰিয়া কৰা মৃতদেহটো মোৰ নহয়, আন কাৰোবাৰ আছিল।  ফোনত ছোৱালীজনীয়ে কৈছিল - মই তোমাৰ ছোৱালী অংশু। তোমাৰ  ছোৱালী মৰি যোৱা নাই, জীয়াই আছে। ইয়াৰ পাছতো যেতিয়া  পিতৃয়ে কতাটো বিশ্বাস কৰা নাছিল তেতিয়া ছোৱালীজনীয়ে  ভিডিঅ' কল কৰি জীয়াই থকাৰ প্ৰমাণ দিছিল।
ছোৱালীজনীৰ নাম অংশু। কিছুদিন পূৰ্বে তেওঁ  গাওঁৰে  এজন ল’ৰাৰ সৈতে   পলাই গৈ  বিয়া হৈছিল আৰু ঘৰৰ পৰা দূৰত এটা সৰু ভাড়াঘৰত থিতাপি লৈছিল।

পূৰ্ণিয়া জিলাৰ ভৱানীপুৰৰ নৱগাচিয়া টোলাৰ বাসিন্দা বিনোদ মণ্ডলৰ ১৭ বছৰীয়া  কন্যাগৰাকী ৩ জুনৰ পৰা সন্ধানহীন হৈ আছিল। পৰিয়ালটোৱে তেওঁক  বিচাৰি চলাথ কৰিছিল, কিন্তু তেওঁক  বিচাৰি পোৱা নাছিল। ইফালে  ১৬ আগষ্টত পৰিয়ালটোৱে কাষৰে নদীত এটা মৃতদেহ ভাঁহি থকাৰ  বিষয়ে জানিব পাৰিছিল। পৰিয়ালটোৱে সেয়াই অংশুৰ মৃতদেহ বুলি ভাবি সৎকাৰ কৰিছিল।   শৰীৰৰ উচ্চতা আৰু পিন্ধি থকা কাপোৰ দেখি পৰিয়ালটোৱে সেয়া অংশুৰেই মৃতদেহ বুলি নিশ্চিত হৈছিল। মৃতদেহটোৰ প্ৰায় গেলি-পচি গৈছিল। সেয়ে  পৰিয়ালটোৱেও মৃতদেহটো  খৰখেদাকৈ  সৎকাৰ কৰিছিল।

Share This