পঞ্জাবৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু

Rashmi July 15, 2025

ডিজিটেল ডেস্ক: পঞ্জাবৰ জলন্ধৰত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙে। সিঙৰ বয়স আছিল ১১৪ বছৰ। জানিব পৰা মতে,  সোমবাৰে (১৪ জুলাই) জলন্ধৰস্থিত ঘৰৰ বাহিৰত থকাৰ সময়ত সিঙক অচিনাক্ত বাহনে খুন্দিয়ায়। লগে লগে আঘাতপ্ৰাপ্ত সিঙত হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত প্ৰাণ ত্যাগ কৰে।

পঞ্জাবৰ প্ৰাক্তন ৰাজ্যিক তথ্য আয়ুক্ত খুশৱন্ত সিঙে ফৌজা সিঙৰ জীৱনী ‘The Turbaned Tornado’ লিখিছিল। এক্সত খুশৱন্ত সিঙে লিখিছে— “মোৰ টাৰ্বানড টৰ্নেডো এতিয়া আৰু নাই। অতি দুখেৰে আপোনালোকক ফৌজা সিঙৰ মৃত্যুৰ খবৰ জনাব লগা হৈছে। আজি বিয়লি প্ৰায় ৩-৩০ বজাত তেওঁৰ গাঁও বিয়াছত ৰাস্তা পাৰ হৈ থাকোঁতে এখন অজ্ঞাত বাহনে খুন্দা মাৰিলে। মোৰ প্ৰিয় ফৌজা, তেওঁৰ আত্মাই শান্তি লাভ কৰক।”
যোগাযোগ কৰাত খুশৱন্ত সিঙে জনালে যে তেওঁ ফৌজা সিঙৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিছে আৰু পৰিয়ালে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। পথ দুৰ্ঘটনাৰ পাছত দীৰ্ঘ দূৰত্বৰ দৌৰবিদ ফৌজা সিঙক ততাতৈয়াকৈ জলন্ধাৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
১৯১১ চনৰ ১ এপ্ৰিলত পঞ্জাবৰ জলন্ধৰ জিলাৰ বিয়াছ পিণ্ডত ফৌজা সিঙৰ জন্ম হৈছিল। ৯০ বছৰ বয়সত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মাৰাথন দৌৰ আৰম্ভ কৰিছিল। এই বয়সত মাৰাথন দৌৰাৰ তেওঁৰ সিদ্ধান্তই বহু লোকক আচৰিত কৰিছিল। সাহস আৰু অধ্যৱসায়ৰ বাবে ফৌজা সিং ‘টাৰ্বানড টৰ্নেডো’ নামেৰে জনপ্ৰিয় হৈ পৰে। তেওঁৰ জীৱনীখনৰ শিৰোনামো এইটো।
ফৌজা সিঙে ৯০ বছৰ বয়সত নিজৰ প্ৰথম মাৰাথন দৌৰ সম্পূৰ্ণ কৰিছিল। ২০০৪ চনত, ৯৩ বছৰ বয়সত তেওঁ লণ্ডন মাৰাথন দৌৰ পাৰ কৰিলে। তাৰ পিছত ২০১১ চনত, ১০০ বছৰ পূৰ্ণ হোৱাৰ দিনটোত তেওঁ টৰন্টো মাৰাথন সফলভাৱে সম্পূৰ্ণ কৰি ১০০+ বছৰীয়া শাখাত এক নতুন বিশ্ব অভিলেখ গঢ়ে। এই অভিলেখে তেওঁক বিশ্বৰ আটাইতকৈ বয়সীয়া মাৰাথন দৌৰবিদৰ স্বীকৃতি প্ৰদান কৰে। তেওঁৰ জীৱন আৰু অধ্যৱসায় সদায় আগন্তুক প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব।

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This