ডিজিটেল ডেস্কঃ ছট্টিশগড়ৰ দান্তেৱাড়া জিলাত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সোমবাৰে পুৱা সংঘটিত এটা সংঘৰ্ষৰ ঘটনাত এগৰাকী জ্যেষ্ঠ মহিলা মাওবাদী নিহত হয়।
ৰাজ্যখনৰ বিজাপুৰ-দান্তেৱাড়া জিলাৰ সীমান্তৱৰ্তী এলেকাৰ অৰণ্যৰ মাজত নক্সাল-বিৰোধী অভিযান চলাবলৈ যোৱা নিৰাপত্তাৰক্ষীৰ এটা যুটীয়া দলৰ সৈতে মাওবাদীৰ সংঘর্ষ হয়। এই সংঘৰ্ষত প্রাণ হেৰুওৱা মাওবাদী মহিলাগৰাকীৰ মৃতদেহ নিৰাপত্তাৰক্ষীৰ দলে ইতিমধ্যে উদ্ধাৰ কৰিছে।
ঘটনাস্থলীৰ পৰা এটা ৰাইফল আৰু বিস্ফোৰক সামগ্রীও উদ্ধাৰ কৰা হয়। মাওবাদীগৰাকীৰ মূৰৰ দাম দুখন ৰাজ্যত সৰ্বমুঠ ৪৫ লাখ টকা আছিল। মাওবাদীগৰাকী ১৯৯৬ চনৰ পৰাই নিষিদ্ধ চি পি আই (মাওবাদী) গোটত সক্রিয় হৈ আছিল।
নিহত মাওবাদীগৰাকী মাওবাদীৰ শক্তিশালী শাখা দণ্ডকাৰণ্য বিশেষ মাণ্ডলিক সমিতিৰ সদস্য আছিল।