ভেণ্ডি হৈছে বহু ৰোগৰ মহৌষধ! জানো আহক ইয়াৰে সবিশেষ 

Kakali Deka December 07, 2023

ডিজিটেল ডেস্কঃ দুর্বল জীৱনশৈলী আৰু ভুল খাদ্য খোৱাৰ বাবে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'বলৈ ধৰে।এনে পৰিস্থিতিত হার্টএটেক আৰু ডায়েবেটিছৰ আশংকাও ক্রমান্বয়ে বাঢ়ি যায়।

উন্নত স্বাস্থ্যৰ বাবে আমি এক স্বাস্থ্যকৰ আহাৰ বাছনি কৰা উচিত।সেয়েহে ভেণ্ডি এনে এবিধ সেউজীয়া পাচলি, যি বেয়া কলেষ্টেৰলৰ পৰা পৰিত্ৰাণ পোৱাই নহয়, শৰীৰৰ ৰক্তশৰ্কৰা স্তৰো নিয়ন্ত্রণ কৰে।ভেণ্ডিত ভিটামিন, খনিজ আৰু আঁহেৰে সমৃদ্ধ হোৱা বাবে ই বেয়া কলেষ্টেৰল হ্রাস কৰাত যথেষ্ট অৰিহণা যোগায়। ইয়াৰ বাহিৰেও ইয়াত পেকটিনও পোৱা যায়, যাৰ সহায়ত শৰীৰত বেয়া কলেষ্টেবলর সুৰ হ্রাস হাবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত বক্তচাপো নিয়ন্ত্রণ হয়। মনত ৰাখিব যে উচ্চ কলেষ্টেৰলক বহুতো গুৰুতৰ ৰোগৰ মূল কাৰণ বুলি গণ্য কৰা হয়।

ডায়েবেটিছ নিয়ন্ত্রণত সহায় কৰে-

আমি উল্লেখ কৰাৰ দৰে যে ভেণ্ডি লেডী ফিংগাৰ) হৈছে আঁহৰ এক সমৃদ্ধ উৎস, সেয়েহে ই পেটৰ সমস্যা আঁতৰ কৰে আৰু হজম ক্ষমতা শক্তিশালী কৰি স্বাস্থ্যৱান কৰি ৰাখে ৰোগীসকলৰ বাবে উপকাৰী কিয়নো এই সেউজীয়া পাচলি খোৱাৰ দ্বাৰা ৰক্তই ডায়েবেটিছ শৰ্কৰাৰ স্তৰ নিয়ন্ত্রণত থাকে।

ৰোগৰ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে-ভেণ্ডিয়ে

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সেয়েহে ভেণ্ডিক দৈনিক আহাৰৰ তালিকাত অন্তর্ভুক্ত কৰে,তেনেহ'লে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

Share This