ফিফা-এ আই এফ এফ একাডেমিলৈ অসমৰ ছাৰী ফাইৰিয়েম

dainik janambhumi July 03, 2026

ডিজিটেল ডেস্ক : অসমৰ মহিলা ফুটবল ক্ষেত্ৰৰ বাবে সুখবৰ। কাৰ্বি আংলঙৰ প্ৰতিভাৱান কিশোৰী ফুটবলাৰ ছাৰী ফাইৰিয়েমে ফিফা-এ আই । আই এফ এফ (FIFA-AIFF) ছোৱালীৰ টেলেন্ট একাডেমিলৈ নির্বাচিত হৈছে। বিগত বৰ্ষত হায়দৰাবাদৰ গাচ্চিবাউলী ষ্টেডিয়াম কমপ্লেক্সত প্রতিষ্ঠা লাভকৰা একাডেমিখন ভাৰতৰ প্ৰথমখন কেৱল মহিলাৰ বাবে উছৰ্গিত ফিফা-সমর্থিত ফুটবল একাডেমি। উক্ত একাডেমিৰ বাবে বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাৰ দ্বাৰা হায়দৰাবাদত যোৱা এপ্রিল মাহত আয়োজিত প্রতিভা সন্ধানী কর্মসূচীত অংশ লৈছিল ছাৰীয়ে। 

দেশৰ বিভিন্ন ৰাজ্যৰ নিৰ্বাচিত ন-প্রতিভাসকলক সামৰি আয়োজন কৰা কর্মসূচীত অসমৰ একমাত্র খেলুৱৈ হিচাপে ছাৰী ফাইৰিয়েমে অংশগ্ৰহণৰ সুযোগ পাইছিল। উক্ত কৰ্মসূচীৰ জৰিয়তে অসমৰ ছাৰীৰ লগতে মহাৰাষ্ট্ৰৰ ৫, মণিপুৰৰ ৪, কেৰালাৰ ৩, পশ্চিম বংগৰ ২গৰাকীৰ উপৰি দিল্লী, গোৱা, মেঘালয়, পঞ্জাব আৰু তামিলনাডুৰ পৰা এগৰাকীকৈ খেলুৱৈ নির্বাচিত হৈছে। ছাৰী ফাইৰিয়েম হৈছে কার্বি আংলং ক্রীড়া সন্থাৰ অধীনস্থ কাছা (এফ চি চিৰ) ফুটবল ক'চিং চেণ্টাৰৰ নিয়মীয়া প্রতিশ্রুতিসম্পন্ন ফুটবলাৰ। 

একাডেমিটোৰ মূল উদ্দেশ্য হৈছে দেশৰ যুৱ মহিলা ফুটবলাৰসকলৰ দক্ষতা বিকাশ কৰা। ১৬ বছৰ অনূর্ধ্ব ছোৱালীৰ বাবে সংৰক্ষিত একাডেমিটোলৈ দেশৰ বিভিন্ন প্ৰন্তৰ ৩০ গৰাকী শ্রেষ্ঠ খেলুৱৈ বাছনি কৰা হৈছে। একাডেমিখনে বছৰজোৰা আৱাসিক প্রশিক্ষণ শিক্ষা, পুষ্টি, মানসিক স্বাস্থ্য আৰু চিকিৎসাৰ সুবিধা প্রদান কৰিব।

Share This