ডিজিটেল ডেস্ক : অন্তিম মুহূর্তত হোৱা এটা আত্মঘাতী গামৰ বলত চেলছীয়ে ফিফা ক্লাব বিশ্ব কাপৰ কোৱাৰ্টাৰ ফাইনেল মেচ এখনত পালমেৰাছক ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। এই মেচখন ফিলাডেলফিয়াৰ লিংকন ফাইনেন্সিয়েল ফিল্ডত খেলোবা হৈছিল। প্রথমার্ধত চেলছীৰ ক'ল পালমাৰে প্ৰথমটো গ'ল দি দলক ১-০ৰ অগ্রগতি দিয়ে। দ্বিতীয়ার্ধত ব্রাজিলৰ দলটোৱে চেলছীক তীব্র প্ৰত্যাহ্বান জনায়।
খেলৰ ৫৩ মিনিটত এষ্টেভাওৱে এটা সুন্দৰ গ'ল দি মেচখনত সমতা স্থাপন কৰে। কিন্তু ৮৩ মিনিটত ৱেভার্টনৰ আত্মঘাতী গ'লটোৰ ফলত পালমেৰাছে পৰাজয় স্বীকাৰ কৰিব লগীয়া হয়। ফলত ২-১ ব্যৱধানত জয়ী হৈ চেলছীয়ে ছেমি ফাইনেলত প্রৱেশ কৰে। কর্নাৰ কিকত গুষ্টোৰ শ্বট ডিফেণ্ডাৰ জিয়াই আৰু গ'লকীপাৰ ৱেভাৰ্টনৰ ভৰিত লাগি গ'ল প'ষ্টত প্রবেশ কৰে। ফিফাই আত্মঘাতী গ'লটো ৱেভার্টনৰ বুলি নিশ্চিত কৰে। চেলছীৰ মেনেজাৰ এঞ্জো মাৰেস্কাই খেলখনৰ পাছত কয়, 'আমি যেনেধৰণৰ আশা কৰিছিলোঁ ই কঠিন মেচ আছিল। প্রথমার্ধত আমি সামান্য উন্নত খেল খেলিছিলোঁ। 'আমি খেলখন ভালদৰে নিয়ন্ত্রণত ৰাখিছিলোঁ। মেচখনত আমি জয়ী হোৱাটো নিশ্চিত আছিল। খেলৱৈসকলক অভিনন্দন জনাইছোঁ। তেওঁলোকে যথেষ্ট ভাল খেলিলে।