ডিজিটেল ডেস্ক : বেলঁ' ড'ৰ পাছত এইবাৰ ফিফাৰ পুৰুষ আৰু মহিলাৰ বৰ্ষশ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিলে ফ্ৰান্সৰ উছমান ডেম্বেলে আৰু স্পেইনৰ আইতানা বোনমাতিয়ে। উল্লেখযোগ্য যে ২০২৪-২৫ ছিজনত দুর্দান্ত প্রদর্শন আগবঢ়াইছিল ডেম্বেলেই। লীগ ৱান আৰু ফ্রেন্স কাপৰ পাছত চেম্পিয়নছ লীগৰ খিতাপো জয় কৰিছিল ডেম্বেলেই।
ফিফা ক্লাব বিশ্ব কাপৰ ফাইনেলতো প্ৰৱেশ কৰিছিল ডেম্বেলেৰ পেৰিছ ছেইন্ট জার্মেই (পি এছ জি)। সকলো মিলি ডেম্বেলেই দিছিল ৩৫টা গ'ল। তেওঁ দলৰ ১৬টা গ'লত সহযোগিতা কৰিছিল। আনহাতে, মহিলা ফুটবলত আইতানা বোনমাতিয়ে বর্ষশ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। স্পেইনৰ তাৰকা ফুটবলাৰগৰাকীয়ে তেনেদৰেই একেৰাহে তিনি বছৰ ধৰি এই খিতাপ পায়।
ইফালে, মাঞ্চেষ্টাৰ চিটিৰ জিয়ানলুইজি ডোনাৰুমাই ফিফাৰ বৰ্ষশ্রেষ্ঠ গ'লকীপাৰৰ বঁটা লাভ কৰে। ইয়াৰ বিপৰীতে মহিলাৰ ফুটবলত শ্রেষ্ঠ গ'লকীপাৰৰ সন্মান অর্জন কৰে ইংলেণ্ডৰ হানা হাম্পটনে। পুছকাছ বঁটা অৰ্থাৎ বছৰৰ শ্ৰেষ্ঠ গ'লৰ পুৰস্কাৰ পায় ছান্টিয়াগো মন্তিয়েলে।