ডিজিটেল ডেস্ক : সমগ্র বিশ্বৰ ক্ৰীড়ানুৰাগী বিশ্বকাপ ফুটবল জ্বৰত আক্রান্ত। তাৰ মাজতে মহাকাশলৈ লৈ যোৱা হৈছে ফিফাৰ অফিচিয়েল ফুটবল 'ট্রায়'ণ্ডা'ক। উল্লেখযোগ্য যে ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল আমেৰিকা, কানাডা আৰু মেক্সিকোৱে আয়োজন কৰিছে। এইবাৰ বিশ্বকাপত মুঠ ৪৮ খন দেশৰ দলে অংশগ্ৰহণ কৰিছে।
আনহাতে, এইবাৰৰ বিশ্বকাপৰ খেলত ব্যৱহাৰ হোৱা ফুটবলটো নিৰ্মাণ কৰিছে বিশ্ববিখ্যাত ক্রীড়া সামগ্রী প্রস্তুতকাৰী প্ৰতিষ্ঠান এডিডাছে। ফুটবলটোৰ ডিজাইন আৰু কাৰিকৰী সকলো এডিডাছে তত্ত্বাৱধান কৰিছে যদিও ফুটবলটোৰ নিৰ্মাণ আৰু কেঁচামাল পাকিস্তানৰ। পাকিস্তানৰ শিয়ালকোটত প্রস্তুত কৰা হৈছে বিশ্বকাপত ব্যৱহৃত ফুটবল। আনহাতে, এইবাৰ ফিফা বিশ্বকাপৰ অফিচিয়েল ফুটবলৰ নাম ৰখা হৈছে 'ট্রায়'ণ্ডা' (Trionda)। এই বলটোক শেহতীয়াকৈ লৈ যোৱা হৈছে মহাকাশলৈ।
মহাকাশ বিজ্ঞান আৰু ক্রীড়া প্ৰযুক্তিৰ এক অপূর্ব মিলন ঘটাই ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপৰ অফিচিয়েল মেচ বল 'ট্রায়'ণ্ডা'ক আন্তঃৰাষ্ট্ৰীয় ছেটেলাইট ষ্টেছনলৈ প্ৰেৰণ কৰা হৈছে। মহাকাশত বিজ্ঞানীসকলে ফুটবলৰ ওপৰত গৱেষণা কৰিব। গৱেষণাৰ বিষয় হৈছে যিটো বলেৰে পৃথিৱীৰ খেলপথাৰত লায়নেল মেছি আৰু কিলিয়ান এমবাপেৰ দৰে খেলুৱৈয়ে দুভৰিৰ যাদু প্রদর্শন কৰে সেই বলটোৰে মহাকাশতো যাদু দেখুৱাব পৰা যাবনে? ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ বিশ্বকাপৰ অফিচিয়েল ফুটবল প্ৰেৰণ কৰাৰ কথা নাছাই ৰাজহুৱা কৰিছে।
উল্লেখযোগ্য যে মহাকাশত মধ্যাকর্ষণ শক্তিৰ প্ৰভাৱ নাই। ফলত মহাকাশযানত বিজ্ঞানীসকল ওপঙি থাকে। তেনে পৰিস্থিতিত বায়ুৰে পৰিপূৰ্ণ পাতল ফুটবল কেনেকুৱা হ'ব? ফুটবল শুট কৰিলে কোন দিশত আৰু কেনেকৈ যাব? ইয়াৰ গতি কিমান হ'ব? বলটো ছুইং হ'ব নে নহয় আদি বিষয়ৰ গৱেষণা আৰু অধ্যয়ন কৰা হ'ব। নাছাই ইতিমধ্যে এটা ভিডিঅ' পোষ্ট কৰিছে। ভিডিঅ'টোত বিজ্ঞানীসকলে মহাকাশযানত বল লৈ খেলি থকা দেখা গৈছে। কেতিয়াবা দলিয়াই আছে। কেতিয়াবা গুৰিয়াইছে। এঠাইত বলটো ভাঁহি আছে। প্রণিধাযোগ্য যে এইবাৰৰ ফিফা বিশ্বকাপৰ অফিচিয়েল বল 'ট্রায়'ণ্ডা' নামটো স্পেনিছ ভাষাৰ পৰা আহিছে। ইয়াৰ অর্থ তিনিটা তৰংগ। এইবাৰ তিনিখন দেশ ক্রমে আমেৰিকা, কানাডা আৰু মেক্সিকোৱে বিশ্বকাপৰ খেল আয়োজন কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নামটো দিয়া হৈছে। বলতো তিনিখন দেশৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। আনহাতে, ফুটবলটোত চাৰিটা পেনেল আছে। লগতে বলটোত প্রতিটো মুহূর্ততে কেইবাটাও তথ্য প্ৰেৰণ কৰিব পৰাকৈ চেন্সৰকে ধৰি কেইবাটাও প্রযুক্তিও ব্যৱহাৰ কৰা হয়।