ইৰানৰ সমৰ্থকক টিকট নিদিয়ে ফিফাই, বিশ্বকাপ আৰম্ভ হোৱাৰ আগেয়ে পুনৰ জটিলতা

dainik janambhumi June 10, 2026

ডিজিটেল ডেস্ক : তিনি দিনৰ পাছতেই আৰম্ভ হ'ব বিশ্বকাপ ফুটবল। ৪৮খন দেশ আৰু তেওঁলোকৰ সমৰ্থক ইতিমধ্যেই আমেৰিকা, মেক্সিকো আৰু কানাডাত উপস্থিত হৈছে। কিন্তু এই পর্যন্ত বিশ্বকাপক লৈ বিতর্ক শেষ হোৱা নাই। শেহতীয়াকৈ ইৰান ফুটবল সন্থাই অভিযোগ কৰিছে যে ফিফাই তেওঁলোকৰ অনুৰাগীলৈ আবণ্টিত টিকট বাতিল কৰিছে। বিশ্বকাপৰ যিকোনো মেচতে মুখামুখি হোৱা দুয়োখন দেশৰ অনুৰাগীক নির্দিষ্ট সংখ্যক টিকট আবণ্টন দিয়া হয়। 

দুয়োটা দলৰে অনুৰাগীয়ে যাতে মেচখন চাব পাৰে তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। জানিব পৰা মতে ইৰানৰ বাবে আবণ্টিত টিকট বাতিল কৰা হৈছে। ইৰানী ফুটবল সন্থাই এটা বিবৃতিত কয়, ইতিমধ্যেই বহু ইৰানী অনুৰাগী খেল চাবলৈ আহিছে। কিন্তু ফিফাই তেওঁলোকৰ বাবে আবণ্টিত টিকট বাতিল কৰিছে। এই পৰিস্থিতিত তেওঁলোকে খেলখন কেনেকৈ চাব? তেওঁলোক ষ্টেডিয়ামত প্ৰৱেশ কৰিব নোৱাৰে।' 

ইৰানে অভিযোগ কৰে যে ফিফাই আমেৰিকাৰ হেঁচাত এই কাম কৰিছে। ইয়াৰ ফলত বিশ্বকাপক কলংকিত কৰা বুলি ইৰানে অভিযোগ তুলিছে। বিশ্বকাপ খেলিবলৈ ইতিমধ্যেই মেক্সিকোত উপস্থিত হৈছে ইৰান।

Share This