ডিজিটেল ডেস্ক : অৱশেষত অপেক্ষাৰ অন্ত পৰিল। বিশ্বৰ শ শ কোটি দৰ্শকৰ অপেক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে নিশা ফিফা বিশ্বকাপ ২০২৬-ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ল। বিশ্বকাপৰ এক বৃহৎ ৰেপ্লিকা বা প্ৰতিৰূপৰ সৈতে পৰম্পৰাগত আৰু আধুনিক নৃত্যশিল্পীসকলে নৃত্য পৰিৱেশন কৰাৰ মাজতে ঘোষিকাই ঘোষণা কৰিলে 'আমি হৈছোঁ বৈচিত্র্যৰ ঐতিহ্য আৰু গৌৰৱৰ এখন ৰাষ্ট্ৰ। ফুটবলেও একেই চালিকা শক্তি কঢ়িয়ায়, দেশবোৰক এক কৰে।'
অনুষ্ঠানত মেক্সিকোৰ নৃত্যশিল্পীসকলে নৃত্য প্ৰদৰ্শন কৰাৰ পাছতে মেক্সিকোৰ পপ-ৰক বেণ্ড মানাই অনুষ্ঠান পৰিৱেশন কৰে। তাৰ পাছতে আহে গ্ৰেমীৰ মনোনয়ন লাভ কৰা দক্ষিণ আমেৰিকাৰ গায়িকা-গীতিকাৰ বেলিণ্ডাই। বেলিণ্ডাৰ পাছত অনুষ্ঠান পৰিৱেশন কৰে জে বলভিনে। বলভিনৰ পাছতে অনুষ্ঠান পৰিৱেশন কৰে দৰ্শকৰ বাবে বহু প্রত্যাশিত ছাকিৰাই। চাৰিবাৰ গ্ৰেমী লাভ কৰা ছাকিৰাই বার্না বয়ৰ সৈতে ফিফা বিশ্বকাপ ২০২৬-ৰ অন্যতম আনুষ্ঠানিক গীত 'ডাই ডাই' পৰিৱেশন কৰে। ইয়াৰ মাজতে আতচবাজীৰে আকাশ ৰঙাই তোলে বিভিন্ন ৰঙেৰে। সংগীত, নৃত্য, ধ্বনি আৰু ৰঙেৰে আৰম্ভ হয় আগন্তুক ৩৯ দিনীয়া বিশ্ব মহাৰণৰ।
মেক্সিকোৰ এষ্টেডিঅ' আজটেকাত (মেক্সিকো চিটি ষ্টেডিয়াম) অনুষ্ঠিত উক্ত বর্ণাঢ্য উদ্বোধনী অনুষ্ঠান ষ্টেডিয়ামত উপস্থিত আশী সহস্রাধিক দৰ্শকৰ উপস্থিতিত উপভোগ কৰাৰ উপৰি বৈদ্যুতিন বিভিন্ন মঞ্চত শশ কোটি দৰ্শকে উপভোগ কৰে। বিশ্বৰ ফুটবলপ্রেমীৰ চাৰি বছৰীয়া অপেক্ষাৰ পাছত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল ফুটবলৰ মহাৰণ।