ডিজিটেল ডেস্ক : অসমৰ ক্ৰীড়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক বৃহৎ ঘটনা হ'বলৈ গৈ আছে। ইতিহাসত প্ৰথমবাৰৰ বাবে ১৩ জানুৱাৰীত অসমৰ মানুহে চাব পাৰিব ফিফা বিশ্ব কাপৰ সেইটো ট্রফী যিটো যোৱাবাৰ লায়নেল মেছিয়ে দুহাতেৰে তুলি ধৰিছিল। ১৩ জানুৱাৰীত অর্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ট্রফীটো মুকলি কৰি দিয়াৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ এতিয়া সাজু হৈছে সকলো।
উল্লেখযোগ্য যে ২০২৬ৰ জুন-জুলাই মাহত আমেৰিকাত অনুষ্ঠিত হ'ব বিশ্ব কাপ ফুটবল। এই উপলক্ষ্যে আয়োজন কৰা টুফী ট্যুৰৰ অংশ হিচাপেই অসমলৈ প্ৰদৰ্শনৰ বাবে অনা হ'ব এই সুদৃশ্য ট্রফী। টুফী ট্যুৰে সামৰি লোৱা বিশ্বৰ ৭৫টা স্থানৰ ভিতৰত এই প্ৰথমবাৰৰ বাবে সংযোজিত হ'ব অসমৰ নাম। উল্লেখযোগ্য যে ফিফা বিশ্ব কাপ শেষবাৰৰ বাবে ২০১৪ চনতে ভাৰতলৈ আহিছিল। ১৩ জানুৱাৰীত হ'ব লগা এই মেগা ইভেন্টৰ বাবে বিয়লি ৩ বজাত সৰুসজাই ষ্টেডিয়ামৰ গেট সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব।
সেইদিনা সকলো দর্শক সাক্ষী হৈ ৰ'ব ফুটবল আৰু সংগীতৰ এক মায়াময় অনুষ্ঠানৰ। বিশ্ব ফুটবলৰ মানচিত্ৰত অসমৰ এনে শক্তিশালী প্ৰৱেশে ৰাজ্যৰ লাখ লাখ ক্রীড়ানুৰাগীক উৎফুল্লিত কৰি তুলিছে।