নির্মাণ হ'ব মোদীৰ জীৱনভিত্তিক চিনেমা

dainik janambhumi September 19, 2025

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱসত, বুধবাৰে দেশৰ বিভিন্ন স্থানত জনকল্যাণমূলক কার্যসূচী তথা দেশ-বিদেশৰ ৰাজনৈতিক নেতা, বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকৰ শুভেচ্ছাৰ শোভাযাত্ৰাৰ মাজতে বুধবাৰে মোদীৰ এখন জীৱন-ভিত্তিক চলচ্চিত্র (বায়'পিক) নিৰ্মাণৰ কথা ঘোষণা হয়। ক্রান্তি কুমাৰ চি এইচে পৰিচালনা কৰিবলগীয়া 'মা বন্দে' শীর্ষক এই বায়'পিকখনত প্রধানমন্ত্রী মোদীৰ চৰিত্ৰ ৰূপায়ণ কৰিব মালয়ালম অভিনেতা উন্নি মুকুন্দনে। চলচ্চিত্ৰখনৰ প্রযোজক হৈছে বীৰ ৰেজ্ঞী এম।

 প্ৰধানমন্ত্ৰীৰ ৭৫সংখ্যক জন্ম দিৱসত বুধবাৰে অভিনেতা মুকুন্দনে এই কথা ইনষ্টাগ্রামত প্রকাশ কৰে। তেওঁ আৰু কয়, 'আহমেদাবাদত ডাঙৰ-দীঘল হোৱা বাবে মই প্রথম তেওঁক মুখ্যমন্ত্রী ৰূপে জানিছিলোঁ মোৰ শৈশৱতে। কেইবছৰমানৰ পাছত ২০২৩ চনৰ এপ্ৰিলত তেওঁক ব্যক্তিগতভাবে লগ পোৱাৰ সুবিধা পাইছিলোঁ, যি মুহূৰ্তই মোৰ ভিতৰত মচিব নোৱৰা সাঁচ বহুৱালে।' তেওঁ আৰু কয়, 'অভিনেতা ৰূপে এই চৰিত্ৰটোত অভিনয় কৰিবলৈ পোৱাটো আৱেগবিহ্বল কৰা তথা অনুপ্ৰেৰণামূলক। 

তেওঁৰ ৰাজনৈতিক যাত্রা বিস্ময়কৰ, কিন্তু এই চলচ্চিত্ৰত এজন ৰাজনীতিকৰ সিপাৰৰ মানুহজনক প্ৰকাশ কৰাৰ চেষ্টা কৰা হৈছে। বিশেষকৈ তেওঁৰ মাতৃৰ সৈতে সম্পৰ্কৰ বান্ধোন, যি তেওঁৰ চৰিত্ৰ আৰু উদ্যমক গঢ় দিলে।' 'মা বন্দে' নামৰ চলচ্চিত্রখন প্রত্যেকটো প্রধান ভাষাত সমগ্ৰ ভাৰততে মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। আন দেশতো এই চলচ্চিত্রখন মুক্তি দিয়া হ'ব।

Share This