শৃংখলা জয়ৰ লক্ষ্য ভাৰতৰ, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আজি অন্তিম টি-২০

dainik janambhumi December 19, 2025

ডিজিটেল ডেস্ক : ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত আজি ইয়াত অনুষ্ঠিত হ'ব পঞ্চম তথা অন্তিম টি-২০ ক্রিকেট। ভাৰতীয় দলে খেলখনত জয়েৰে শৃংখলা দখল কৰিব খোজে। টেষ্টত ২-০ ব্যৱধানত পৰাজিত হোৱাৰ পাছত ভাৰতে প্রত্যাৱর্তন ঘটাই দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা হস্তগত কৰে। ইয়াৰ পাছত চলিত টি-২০ শৃংখলাত ভাৰত ২-১ ব্যৱধানত আগুৱাই আছে। আনহাতে, বুধবাৰে বেয়া বতৰৰ বাবে লক্ষ্ণৌৰ চতুৰ্থখন খেল পৰিত্যক্ত হৈছিল। 

শুকুৰবাৰৰ খেলখনত জয়ী হ'লে ভাৰতীয় দলৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে স্বস্তিৰ নিশ্বাস এৰিব। ইয়াৰ মাজতে অধিনায়ক সূর্যকুমাৰ যাদৱৰ ফর্মহীনতাই ভাৰতীয় দলক চিন্তাত ৰাখিছে। এই বছৰত ২০খন টি-২০ ক্রিকেটত ১৮টা ইনিংছত এটাও অর্ধশতৰানৰ মুখ নেদেখা সূর্যকুমাৰে ১৪.২০ গড়ে ২১৩ ৰান কৰিছে। সূর্যকুমাৰৰ প্ৰতিটো ব্যর্থতাই ভাৰতীয় দলীয় মেনেজমেণ্টক চিন্তাত পেলাই আহিছে। ইফালে, সহঃ অধিনায়ক শুভমন গীলে ভৰিৰ আঙুলিৰ আঘাতৰ বাবে চতুৰ্থখন টি-২০ খেলত নামিব পৰা নাছিল। 

আজিৰ খেলখনতো গীলৰ অংশগ্রহণত অনিশ্চয়তাই দেখা দিছে। গীলৰ স্থানত হয়তো সঞ্জু ছেমছনে সুযোগ পাব পাৰে। ইয়াৰ বিপৰীতে দুই অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া আৰু শিভম ডুবেই এই পর্যন্ত তিনিওখন খেলতে অংশ লৈছে। আনহাতে, পেচ আক্রমণত হৰ্ষিত ৰাণাৰ সৈতে যুটি বান্ধিব অর্শদীপ সিঙে। ইয়াৰ উপৰি, ব্যক্তিগত কাৰণৰ বাবে তৃতীয় খেলৰ পৰা আঁতৰি থকা যশপ্রীত বুমৰাহে চতুৰ্থ খেলৰ আগেয়ে দলত যোগ দিয়ে।

Share This