মল্লিকার্জুন খর্গেলৈ পদত্যাগ-পত্র, অৱশেষত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ কংগ্রেছ ত্যাগ

dainik janambhumi March 18, 2026

ডিজিটেল ডেস্ক: বিধানসভাৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত মোক্ষম আঘাত। ভূপেন বৰাৰ পাছতেই আজি কংগ্ৰেছ এৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে। কালি নিশা দলৰ সভাপতি মল্লিকার্জুন খর্গেলৈ মাত্র এটা শাৰীৰ এখন পত্ৰ প্ৰেৰণ কৰি দল এৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। 

অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰা বৰদলৈয়ে আজি বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে। আনকি তেওঁ অনাগত বিধানসভাৰ নির্বাচনতো প্রতিদ্বন্দ্বিতা কৰিব পাৰে। ইতিমধ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰদলৈক বিজেপিলৈ আমন্ত্রণ জনাই এটা সমষ্টি প্রদান কৰিম বুলি আজি ঘোষণা কৰিছে। 

উল্লেখযোগ্য যে লাহৰীঘাটৰ বিধায়ক ডাঃ আছিফ মহম্মদ নজৰক টিকট দিলেই দল ত্যাগৰ হুংকাৰ দিছিল নগাঁৱৰ সাংসদগৰাকীয়ে। এনে পৰিস্থিতিত বৰদলৈয়ে বিজেপিত যোগদান কৰিব নেকি বুলি সাংবাদিকে প্রশ্ন কৰাত মুখ্যমন্ত্রী ড° শৰ্মাই কয়, 'বৰদলৈৰ সৈতে মই এতিয়ালৈকে কথা পতা নাই। কিন্তু মই বিশ্বাস কৰোঁ তেওঁ আৰু কংগ্ৰেছত থকাৰ প্ৰয়োজনীয়তা নাই। তেওঁ নিশ্চিতভাৱে বিজেপিত যোগদান কৰা উচিত। মই তেওঁক বিজেপিত যোগদান কৰাৰ বাবে আমন্ত্ৰণ জনাইছোঁ।' 

আনহাতে কোনো সনাতনী হিন্দু মানুহ কংগ্ৰেছত থাকিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'ভূপেন বৰাক যিদৰে আমি সন্মান দিছোঁ বৰদলৈকো আমি সন্মান দিম। প্রদ্যুৎ বৰদলৈ বিজেপিলৈ আহিলে তেওঁ যাতে বিধানসভাত প্রতিদ্বন্দ্বিতা কৰিব পাৰে তাৰ বাবে এখন আসন আমি নিশ্চিতভাৱে উলিয়াই দিব পাৰিম।' ড° শর্মাই স্পষ্টভাৱে কয়, 'ৰাজনীতিত সকলো সম্ভৱ। অনাগত সময়ত বৰদলৈৰ সৈতে আমাৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে।' 

প্রণিধানযোগ্য যে বিধায়ক আছিফ নজৰৰ ঘনিষ্ঠ এমদাদুল ইছলাম নামৰ এজন লোকে বৰদলৈক আক্ৰমণ কৰাৰ অভিযোগত জে'লৰ ভাত খাব লগীয়া হৈছিল। কিন্তু উক্ত আক্ৰমণৰ মূল অভিযুক্ত ব্যক্তিগৰাকীক লাহৰীঘাটৰ বিধায়ক আছিফ নজৰে কাৰাগাৰৰ পৰা মোকলাই নিছিল। আনকি বিধায়ক নজৰে এমদাদুলক গৌৰৱ গগৈৰ হতুৱাই গামোচা পিন্ধাই সম্ভাষণো জ্ঞাপন কৰাইছিল। আনহাতে সেইজন বিধায়ককে এতিয়া কংগ্ৰেছে প্রার্থিত্ব দিবলৈ ওলোৱাত ক্ষুব্ধ হৈ সাংসদ বৰদলৈয়ে দলৰ শীর্ষ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু ইয়াৰ পাছতো কংগ্ৰেছে বিধায়ক নজৰক প্ৰাৰ্থিত্ব প্ৰদানৰ সিদ্ধান্ত লোৱাত আজি বৰদলৈয়ে দল এৰিবলৈ বাধ্য হয়। অৱশ্যে সাংসদগৰাকীয়ে দল এৰাৰ সিদ্ধান্ত লোৱাৰ পাছতেই কালি নিশা প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰব গগৈ আৰু অসমৰ দায়িত্বত থকা জ্যেষ্ঠ কংগ্রেছ নেতা জিতেন্দ্র সিঙে বৰদলৈৰ ঘৰলৈ গৈ তেওঁক বুজাবলৈ চেষ্টা কৰে। কিন্তু তেওঁলোকৰ বুজনিত সৈমান নহ'ল বৰদলৈ। 

মন কৰিব লগীয়া কথা যে সাংসদ বৰদলৈৰ পুত্ৰ প্রতীক বৰদলৈক এইবাৰ কংগ্ৰেছে মাৰ্ঘেৰিটা সমষ্টিত প্রার্থিত্ব প্রদান কৰিছে। প্রতীক বৰদলৈয়ে প্ৰকাশ কৰা মতে আজিৰ দিনটোত তেওঁৰ দেউতাক অর্থাৎ প্রদ্যুৎ বৰদলৈয়ে তিনিবাৰকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰব গগৈক ফ'ন কৰিছিল। কিন্তু তেওঁ এবাৰো ফ'ন ধৰা নাছিল। এনে পৰিস্থিতিত অপমানিত হৈ এতিয়া সাংসদগৰাকীয়ে বিজেপিত যোগদান কৰাৰ পাছত প্রতীক বৰদলৈৰ স্থিতি কি হ'ব সেয়াহে হ'ব লক্ষণীয়।

Share This