ডিজিটেল ডেস্ক : ভাৰতীয় ক্ৰিকেটৰ 'বিস্ময় বালক' বৈভৱ সূর্যবংশীয়ে অৱশেষত ভাৰতীয় ক্রিকেট দলত স্থান লাভ কৰিলে। আই পি এলত বেটেৰে ৰানৰ ধুমুহাৰ সৃষ্টি কৰাৰ পাছত ১৫ বছৰীয়া কিশোৰ বৈভৱক ভাৰতীয় দলত লোৱাৰ পক্ষে ক্রিকেট বিশেষজ্ঞসকলে মত পোষণ কৰি আহিছিল।
উল্লেখযোগ্য যে বৈভৱ ফেব্ৰুৱাৰীত ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ বিজয়ী দলটোৰ সদস্য আছিল। তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে ৮০টা বলত ১৭৫ ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলিছিল। বৈভৱৰ কালি বয়স ১৫ বছৰ ৭১ দিন। তেওঁক জুন-জুলাইত আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ লগতে এছিয়ান গেমছৰ দলত স্থান দিয়া হৈছে। তেওঁক কালি ভাৰতীয় দললৈ বাছনি কৰাৰ লগে লগে শেফালী বাৰ্মাৰ অভিলেখ ভংগ কৰে। মহিলা ক্রিকেটাৰ শেফালীক ভাৰতীয় দললৈ বাছনি কৰাৰ সময়ত বয়স আছিল ১৫ বছৰ ২২০ দিন। আনহাতে, বৈভৱে কালি ভাৰতীয় দলত স্থান লাভ কৰি 'ক্ৰিকেটৰ ভগৱান' শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে। শচীনক ভাৰতীয় দললৈ বাছনি কৰাৰ সময়ত বয়স আছিল ১৬ বছৰ ১৯৪ দিন। ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় মেচত শেফালীৰ অভিষেক ঘটিছিল ১৫ বছৰ ২৩৯ দিনত আৰু শচীনৰ অভিষেক ঘটিছিল ১৬ বছৰ ২০৫ দিনত। বৈভৱে ইংলেণ্ড আৰু আয়াৰলেণ্ড ভ্ৰমণত দুয়োৰে অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে।
বৈভৱ ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটা সর্বকনিষ্ঠ খেলুৱৈৰূপে পৰিগণিত হ'ব। অৱশ্যে তেওঁ আন্তঃৰাষ্ট্ৰীয় পর্যায়ত সর্বকনিষ্ঠ খেলুৱৈ নহয়। আটাইতকৈ কম বয়সত আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ অভিলেখ মহিলা ক্রিকেটাৰ জাৰ্টীৰ নিয়া চার্লোট গ্ৰেগৰ। তেওঁ ১১ বছৰ ৪০ দিনত প্ৰথম আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। আনহাতে, পুৰুষৰ ক্ষেত্ৰত এই অভিলেখ সৃষ্টি কৰে ৰোমানিয়াৰ মাৰিয়ান গেৰাছিছে ১৪ বছৰ ১৬ দিনত আন্তঃৰাষ্ট্ৰ মেচ খেলি। বৈভৱে এই বছৰৰ আই পি এলত ২৩৭.৩০ ষ্ট্ৰাইক ৰেটেৰে ১টা চেঞ্চুৰী, ৫টা অর্ধশতৰানেৰে ৭৭৬ ৰান সংগ্ৰহ কৰে। এইবাৰৰ আই পি এলত তেওঁ ৭২টা ছয় মাৰে।